ভয়ংকৰ ঘটনা, শোৱাপাটীতেই মাতৃক জ্বলাই দিয়াৰ অভিযোগ পুত্ৰৰ বিৰুদ্ধে



ভয়ংকৰ ঘটনা, শোৱাপাটীতেই মাতৃক জ্বলাই দিয়াৰ অভিযোগ পুত্ৰৰ বিৰুদ্ধে। শিৱসাগৰত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে।

শোৱা পাটীতেই শুই থকা অৱস্থাতে মাতৃক অগ্নিসংযোগ কৰাৰ অভিযোগ। পুত্ৰৰ নাম সন্তোষ চাহু। দুৰ্ভগীয়া মাতৃ গৰাকীৰ নাম সবিতা চাহু।

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কোঁৱৰপুৰ টেপলটল গোঁহাই গাঁৱত সংঘটিত হৈছে এই নাৰকীয় কাণ্ড।

আজি পুৱা প্ৰায় ৭.৩০ মান বজাত এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ঘটনাৰ পাছতেই স্থানীয় ৰাইজে কৰায়ত্ব কৰে পুত্ৰ সন্তোষক।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সন্তোষক নিজৰ জিম্মাত লোৱাৰ লগতে মাতৃ সবিতা চাহুক সংকটজনক অৱস্থাত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

কিন্তু অৱস্থা সংকটজনক হোৱাত অসামৰিক চিকিৎসালয়ৰ পৰা ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে অগ্নিদ্বগ্ধ হোৱা মহিলাগৰাকীক। পুত্ৰ সন্তোষক বৰ্তমান শিৱসাগৰ সদৰ থানাতে ৰখা হৈছে।

প্ৰয়াত পিতৃৰ কাইলৈ অনুস্থিত হ’ব লগীয়া শ্ৰাদ্ধক লৈ মাতৃ আৰু পুত্ৰৰ মাজত সংঘাত হৈছিল। অৱশ্যে পুত্ৰই এই সমষ্ট ঘটনাৰ কথা অস্বীকাৰ কৰিছে৷

Post a Comment

Previous Post Next Post