বিশেষ ৰেষ্টোৰেণ্ট, ইয়াত এবাৰ সোমালে প্ৰাণ বায়ু কপি যোৱা অৱস্থা হ’ব! দেখা পাব …



 বিশেষ ৰেষ্টোৰেণ্ট, ইয়াত এবাৰ সোমালে প্ৰাণ বায়ু কপি যোৱা অৱস্থা হ’ব! দেখা পাব …

এখন এনে ৰেষ্টোৰেণ্ট য’ত যাবৰ বাবে বহু আশা কৰিলেও কিন্তু এবাৰ যোৱাৰ পাছত তাৰ পৰা ওলাই অহাৰ বাবে হে বাট বিচাৰি থাকিব। কিয়নো সেই ৰেষ্টোৰেণ্ট খনত আছে সাধাৰণ মানুহৰ সলনি ভুত-প্ৰেত।

য’ত আপুনি মানুহৰ কাষত বহি খাদ্য গ্ৰহন কৰাৰ সলনি কোনো কংকাল বা সাইলাখ কোনো ভুতৰ কাহিনীত দেখা ভুতৰ সৈতে বহি খাদ্য গ্ৰহন কৰিব লাগিব। খোৱা টেবুলত হয়তো পৰি থাকিব পাৰে তেজৰ চেকুৰাও।

মানুহৰ শৰীৰ অংগৰ দৰে সাইলাখ অংগ, কটা আঙুলি আদিও পৰি থাকিব কাষতে। য’ত আপুনি কোনো ভুতৰ লগতে জম্বি আদিও পাব। তেন্তে যদিহে এনে ধৰণৰ ৰোমাঞ্চ বিচাৰে তেন্তে যাব পাৰে ছৌডি আৰৱলৈ।

ছৌডিত আৰম্ভ কৰিছে এনে এখন ৰেষ্টোৰেণ্ট য’ত আপুনি ভুত-জম্বি-প্ৰেত আদি পাব। বহু সাহসী লোকেও এতিয়া সেই ৰেষ্টোৰেণ্টলৈ গলেও এবাৰলৈ হলেও ভয়তে কপি উঠিছে। ৰেষ্টুৰেণ্ট খনত খাদ্য বিলোৱা ৱেইটাৰ বোৰৰো সাজপাৰ আদি কোনো ভুতৰ লেখিয়া।



https://twitter.com/AFP/status/1488097224395399171?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1488097224395399171%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fas.time8.in%2Fa-special-restaurant-in-saudi-serving-food-with-ghosts-and-zombies%2F


Post a Comment

Previous Post Next Post