ভয়ংকৰ পথ দুৰ্ঘটনা! বিয়া খাবলৈ বুলি গৈছিল পৰিয়াল, পথৰ পৰা উফৰি পৰিল বহু দ’ খাৱৈত

 


ভয়ংকৰ পথ দুৰ্ঘটনা! বিয়া খাবলৈ বুলি গৈছিল পৰিয়াল, পথৰ পৰা উফৰি পৰিল বহু দ’ খাৱৈত

ভয়ংকৰ পথ দুৰ্ঘটনা! বিয়া খাবলৈ বুলি গৈছিল পৰিয়াল, পথৰ পৰা উফৰি পৰিল বহু দ’ খাৱৈত। বিয়া খাবলৈ যোৱাৰ পথতে ভয়ংকৰ পথ দূৰ্ঘটনাত পতিত পৰিয়াল।

তামুলপুৰত সংঘটিত হৈছে এই ভয়াবহ পথ দুৰ্ঘটনা। তামুলপুৰ জিলা সদৰৰ তামুলপুৰ – নাগ্ৰীজুলি -ওদালগুৰি পথৰ সৌৰাগুৰিত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷

পথ দুৰ্ঘটনাত তামুলপুৰ অভিমুখে আহি থকা ৱেগনাৰ বাহন ( A S – 01 – BB – 0708 )খন পৰিয়ালে সৈতে উফৰি গৈ পথৰ কাষৰ দ’ খাৱৈত বাগৰি পৰে ৷

দুৰ্ঘটনাৰ সময়ত বাহনখনত মুঠ তিনিগৰাকী যাত্ৰী আছিল। কথমপি প্ৰাণৰক্ষা পৰে যাত্ৰী তিনিগৰাকীৰ। কিন্তু গুৰুতৰ ভাৱে আহত হয় কেউগৰাকী ৷

ঘটনা সম্পৰ্কত জানিব পৰা অনুসৰি ওদালগুৰিৰ পৰা বৰপেটালৈ বিয়া খাবলৈ গৈ আছিল তিনিজনীয়া পৰিয়ালটো। পৰিয়ালটোৰ ঘৰ ওদালগুৰিৰ ৰাখালপথত।

পৰিয়ালটোৰ লোক কেইগৰাকী পুত্ৰ সন্তান সহ পিতৃ-মাতৃ। পিতৃ নিখিল ৰঞ্জন ওজা (৫৫), মাতৃ জোনালী ওজা( ৪৫) আৰু পুত্ৰ জ্ঞানদ্বীপ ওজা (১২)।

আহত কেইগৰাকীক প্ৰত্যক্ষদৰ্শীয়ে ততাতৈয়াকৈ উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক চিকিৎসাকেন্দ্ৰত ভৰ্তি কৰে কিন্তু অৱস্থা কিছু গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে তিনিও জনক।

Post a Comment

Previous Post Next Post