আশাৰ বতৰা লৈ যোৰহাটলৈ মুখ্যমন্ত্ৰী! পৰিদৰ্শন কৰিব তিনিটা বিশেষ স্থান, ঘোষণা কৰিব পাৰে বহু কেইটা ভালখবৰ

 


শুকুৰবাৰে বিয়লি মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই যোৰহাটবাসীৰ বাবে কেইটাও ভাল খবৰ ঘোষণা কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰীগৰাকী এলানি কাৰ্যসূচী লৈ শুকুৰবাৰে বিয়লি প্ৰায় ৩-৩০ বজাত যোৰহাটত উপস্থিত হ'ব। প্ৰথমে মুখ্যমন্ত্ৰীগৰাকী যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ যাব। ইয়াৰ পিছতে যাব চিনামৰা চাহ বাগিচাৰ ভিতৰত থকা মণিৰাম দেৱানৰ সমাধীক্ষেত্ৰলৈ। এই অঞ্চলটো পৰিদৰ্শন কৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকী আহিব যোৰহাট ষ্টেডিয়াম পৰিদৰ্শন কৰিবলৈ। মুখ্যমন্ত্ৰীয়ে পৰিদৰ্শন কৰিব লগা এই তিনিওটা স্থানতে বিশেষ প্ৰকল্প ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে ।


জানিব পৰা মতে, যোৰহাট কেন্দ্ৰীয় কাৰাগাৰখন ঐতিহ্যক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ পৰিকল্পনাৰ কথা ইয়াৰ পূৰ্বে যোৰহাট ভ্ৰমণৰ সময়চোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছিল। আজি যোৰহাট কেন্দ্ৰীয় কাৰাগাৰখন পুনৰ পৰিদৰ্শন কৰি ঐতিহ্যক্ষেত্ৰ ৰূপে গঢ় দিব লগা এই প্ৰকল্পৰ কথা আনুষ্ঠানিক ভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিব বুলি জানিব পৰা গৈছে ।

আনহাতে ইয়াৰ পিছতে মুখ্যমন্ত্ৰীগৰাকী পৰিদৰ্শন কৰিব চিনামৰা চাহবাগিচাত থকা মণিৰাম দেৱানৰ সমাধীক্ষেত্ৰ। ইতিমধ্যে যোৰহাটৰ বিধায়কৰ উদ্যোগত মণিৰাম দেৱানৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰি তোলা হৈছে। এই প্ৰতিমূৰ্তিটো স্থাপন কৰা হব চিনামৰা বাগিচাৰ সমীপত গড়আলিৰ কাষত। এই স্থানো পৰিদৰ্শন কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। কাৰণ জানিব পৰা মতে, মণিৰাম দেৱানৰ সমাধীক্ষেত্ৰ থকা অঞ্চলটো এক পৰ্যটন ক্ষেত্ৰ ৰূপে গঢ় দিয়াৰ পৰিকল্পনা হাতত লৈছে চৰকাৰে। আৰু এই বিশেষ প্ৰকল্পৰ বাবেই অঞ্চলটো পৰিদৰ্শন কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকী আহিছে বুলি জানিব পৰা গৈছে ।

ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট ষ্টেডিয়াম পৰিদৰ্শন কৰিব । এই ষ্টেডিয়ামত ৰূপায়ণ কৰিব লগা বিশেষ প্ৰকল্পৰ বিষয়েও মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সবিশেষ ঘোষণা কৰাৰ সম্ভাৱনা আছে।

Post a Comment

Previous Post Next Post