এই প্ৰচণ্ড শীতৰ প্ৰকোপত কষ্টৰে জীৱন যাপন কৰিছে মহানগৰীৰ নলপাৰা অঞ্চলৰ ৪৫টা ভূমিপুত্ৰ পৰিয়ালে ৷ সোমবাৰে বন বিভাগ আৰু আৰক্ষীয়ে উচ্ছেদ চলাইছিল ৪৫টা বড়ো পৰিয়ালৰ বাসগৃহত ৷ আৰু তাৰ পিছৰে পৰা এক হাহাকাৰময় পৰিৱেশৰ মাজত জীৱন কটাইছে পৰিয়াল কেইটাই ৷ বৃহস্পতিবাৰে উচ্ছেদিত পৰিয়াল কেইটাৰ খবৰ ল'লে এবছু আৰু ট্ৰাইবেল সংঘই ৷
গুৱাহাটী ধীৰেণপাৰাৰ গাতে লাগি থকা নলপাৰাৰ ৪৫টা পৰিয়ালৰো আছিল একো একোটা ঘৰ ৷ কিন্তু যোৱা সোমবাৰে কোনো জাননী নিদিয়াকৈ বন বিভাগে উচ্ছেদ কৰিলে সেইসকল ভূমিপুত্ৰৰ বাসগৃহসমূহ ৷ গৰ্ভৱতী মহিলা থকা পৰিয়ালকো ৰেহাই নিদিলে বন বিভাগে ৷ সোমবাৰৰ দিনটোত কি হৈছিল তাক বৰ্ণনা কৰি হুক হুকাই কান্দি উঠিল গীতাৰাণী বড়ো নামৰ এগৰাকী মহিলা।
"একো সুবিধা নিদিলা ৷ আমাৰ মতা মানুহবোৰ ঘৰত নাছিল ৷ হঠাৎ আহিল ফৰেষ্টৰ মানুহ ৷ এফালৰ পৰা ভাঙি গ'ল সকলো ৷ আমি কাকুতী মিনতী বহুত কৰিলো ৷ নুশুনিলে অ'৷ সেইদিনা সন্তান জন্ম দিয়া মাতৃ থকা ঘৰো ভাঙি পেলালে ৷ অকল আমাক কিয় কৰিলে? বেলেগক যে ৰেহাই দিলে? আমাৰ সকলো বস্তু লৈ গ'ল ৷"
কাষতে মছজিদ নিৰ্মাণো হৈছে ৷ বহু বসতিও আছে ৷ কিন্তু টাৰ্গেট হ'ল এই ৪৫টাকৈ বড়ো পৰিয়াল ৷ কাৰ প্ৰৰোচনাত এয়া হ'ল তাৰ তদন্ত বিচাৰিছে গীতাৰাণী বড়োকে ধৰি উচ্ছেদিত পৰিয়াল সমূহে ৷ উচ্ছেদিত পৰিয়াল সমূহে এতিয়া তিৰ্পালৰ তলত নিশা কটোৱাৰ লগতে সকলোৱে মিলি একেলগে গ্ৰহণ কৰে খাদ্য ৷ বৃহস্পতিবাৰে উচ্ছেদিত পৰিয়ালসমূহৰ কাষ চাপিল নিখিল বড়ো ছাত্ৰ সন্থা ৷ এবছুৰ সভাপতি দ্বীপেন বড়োৱে বিচাৰিলে তদন্ত ৷ বড়োৰ অভিযোগ এয়া গভীৰ ষড়যন্ত্ৰ ৷
ঠিক একেদৰে নিখিল বড়ো ছাত্ৰ সন্থাৰে মিলি কিছু সাহায্য উচ্ছেদিত পৰিয়ালসমূহক প্ৰদান কৰি ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰীয়ে ক'লে, 'জনজাতীয় লোকক উচ্ছেদ কৰা নহ'ব বুলি কোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই হস্তক্ষেপ কৰক বিষয়টোত ৷ গড়চুক নলপাৰাৰ এই ৪৫টা বড়ো পৰিয়ালক পুনৰসংস্থাপন দিয়াৰ লগতে উচ্ছেদ কৰা ঘৰ সমূহ নিৰ্মাণ কৰি দিব লাগিব বন বিভাগে ৷'