ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পি এছ অ’ সংস্কৃতি ত্যাগ কৰিবৰ বাবে আহ্বান জনোৱাৰ পিছতে ৰাজ্যত দেখা পোৱা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিজেপি দলৰ একাংশ বিষয়ববীয়াৰ লগত থকা পি এছ অ’ প্ৰত্যাহাৰ কৰিবৰ বাবে দলৰ হৈ আহ্বান জনোৱাৰ উপৰিও বিজেপিৰ আন বহু কেইজন শীৰ্ষ নেতাই মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই তেওঁলোকৰ পি এছ অ’ প্ৰত্যাহাৰ কৰিবৰ বাবে আহ্বান জনাইছে। অতি শেহতীয়াকৈ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও তেওঁৰ পি এছ অ’ প্ৰত্যাহাৰ কৰিবৰ বাবে পত্ৰ প্ৰেৰণ কৰিছে।
আনহাতে ৰমাকান্ত দেউৰীকে ধৰি আন একাংশ নেতাই পি এছ অ’ ত্যাগ কৰিবৰ বাবে এতিয়াও প্ৰস্তুত নহয়। পি এছ অ’ প্ৰত্যাহাৰৰ বিষয়টোক সমৰ্থন কৰা নাই কংগ্ৰেছ দলেও। জানিব পৰা মতে বৰ্তমানলৈকে মুঠ ৫০ জন প্ৰাক্তন মন্ত্ৰী, সাংসদ, ব্যৱসায়ী আৰু ৰাজনৈতিক নেতাই পি এছ অ’ ত্যাগ কৰিছে।
ইয়াৰ পিছতে ৰাজ্যিক সুৰক্ষা পৰ্যালোচনা সমিতিয়ে পি এছ অ’ গ্ৰহণ কৰি থকা ব্যক্তিৰ নিৰপত্তাৰ দিশটোক পৰ্যালোচনা কৰি মুঠ ৩৬৪ গৰাকী ৰাজনৈতিক নেতা, প্ৰাক্তন বিধায়ক, চেয়াৰমেন, ব্যৱসায়ীৰ জীৱনৰ প্ৰতি ভাবুকি নথকাৰ তথ্য লাভ কৰিছে। আনহাতে ৰাজ্যৰ শেহতীয়া আইন-শৃংখলাজনিত পৰিস্থিতিও উন্নত হোৱাৰ কথা মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান, শীৰ্ষ আৰক্ষী বিষয়াই দাবী কৰি আহিছে। এনে পৰিস্থিতিত অসম আৰক্ষীৰ বিশেষ শাখাৰ সঞ্চালকপ্ৰধান হীৰেন নাথে ৰাজ্যৰ মুঠ ৭২৬ গৰাকী ব্যক্তিৰ পি এছ অ’ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে।