১৫ ফেব্ৰুৱাৰীৰ পৰা খুলিব পাৰে ৰাজ্যৰ বিদ্যালয়- মুখ্যমন্ত্ৰী


 আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিয়ে এক গুৰুত্বপূৰ্ণ খবৰ। যদিহে কভিড পৰিস্থিতি নিয়ন্ত্ৰণ হয় তেন্তে অহা ১৫ ফেব্ৰুৱাৰীৰ পৰাই বিদ্যালয়ৰ পাঠদান নিয়মীয়াকৈ খুলি দিয়া হব।

তিনিচুকীয়া জিলাৰ ডুমডুমাত আজি উপস্থিত হৈ সাংবাদিকেৰে হোৱা সাক্ষাতত এই বিষয়ে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে। ডুমডুমাৰ দহোটীয়া গাঁৱৰ দিচাম দেৱ সত্ৰ দৰ্শন কৰি উঠি সাংবাদিকেৰে কথা হৈছিল মুখ্যমন্ত্ৰীয়ে। তাতেই বিদ্যালয় খোলাৰ সন্দৰ্ভত মন্তব্য দিয়ে মুখ্যমন্ত্ৰীয়ে।

বৰ্তমানে কভিড পৰিস্থিতিৰ বাবে ৰাজ্যৰ বিদ্যালয় সমূহ প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ ৰাখিছে। অনলাইন মাধ্যমত হৈ আছে পাঠদান।

কেৱল নৱম আৰু দশমৰ লগতে দ্বাদশ আৰু একাদশ শ্ৰেণীৰ পাঠদান হে তাকো সপ্তাহটোৰ নিৰ্দিষ্ট দিনত হে খোলাৰ অনুমতি আছিল ৰাজ্যত।

২৫ জানুৱাৰী তাৰিখে জাৰি কৰা এছ অ পিত সদৰি কৰা হৈছিল ৰাজ্যৰ সকলো জিলাত অষ্টম শ্ৰেণীলৈ বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ।

তাৰো পূৰ্বৰ এছ অ পিত গুৱাহাটীক বাদ দি ৰাজ্যৰ অন্যান্য প্ৰান্তত পঞ্চম শ্ৰেণীলৈ ৩০ জানুৱাৰী পৰ্যন্ত পাঠদান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছিল। গুৱাহাটীত পূৰ্বৰে পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয় সমূহ বন্ধ ৰখা হৈছিল।

Post a Comment

Previous Post Next Post