নৃশংস হত্যাকাণ্ড; পুত্ৰৰ খৰিৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে পিতৃয়ে

 


গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড । সোণাপুৰৰ এৰাবাৰীত এই নৃশংস হত্যাকাণ্ডটো সংঘটিত হৈছে।

ঘটনাৰ বিৱৰনী অনুসৰি, বৃহস্পতিবাৰে নিশা ১০ মান বজাত চম্বৰু বৰুৱা নামৰ এজন লোকে সুৰা সেৱন কৰি নিজৰ ঘৰত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

পৰিয়ালটোৰ মুৰব্বী চম্বৰু বৰুৱাই সুৰামত্ব অৱস্থাত ঘৰত হুলস্থুলীয়া পৰিবেশ সৃষ্টি কৰাত পুত্ৰ নৱজিত বৰুৱাৰ সৈতে প্ৰথমে বাকযুদ্ধ আৰু তাৰ পিছত তীব্ৰ হতাহতিৰ সৃষ্টি হয়।

সেই হতাহতিত পিতৃ চম্বৰু বৰুৱাই পুত্ৰক দাৰে কাটিবলৈ উদ্যত হোৱাত পুত্ৰ নৱজিত বৰুৱাই এডাল খৰিৰে পিতৃৰ মূৰত প্ৰহাৰ কৰাত চম্বৰু বৰুৱা থিতাতে নিহত হয়।

লগে লগে ঘটনা সন্দৰ্ভত মৃত চম্বৰু বৰুৱাৰ পত্নী থকেশ্বৰী বৰুৱাই সোণাপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

পৰিয়ালৰ আন সদস্যৰ পৰা জানিব পৰা অনুসৰি হত্যাৰ অভিযোগত অভিযুক্ত নৱজিত বৰুৱা সুৰামত্ব অৱস্থাত আছিল আৰু তাৰ পৰিপ্ৰেক্ষিততে তেওঁ মানসিক ভাৰসাম্য হেৰুৱাই হত্যাকাণ্ডটো সংঘটিত কৰে।

ইফালে জানিব পৰা মতে,  সোণাপুৰ আৰক্ষীয়ে পুত্ৰ নৱজিত বৰুৱাক কৰায়ত্ব কৰি সোধা পোচা অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post