বহু চৰ্চিত শ্বীনা বৰা হত্যাকাণ্ডৰ ঘটনাই লৈছে নতুন মোৰ। তদন্তকাৰী সংস্থা চি বি আইয়ে আদালতত কৈছে যে শ্বীনা বৰা জীৱিত অৱস্থাত আছে নে দহ বছৰ পূৰ্বেই তেওঁক হত্যা কৰা হৈছিল সেয়া ১৪ দিন পিছত উত্তৰ দিব।
উল্লেখ্য যে কিছুদিন পূৰ্বে জেইলত থকা শ্বীনা বৰাৰ মাতৃ ইন্দ্ৰানী মুখাৰ্জীয়ে দাবী কৰিছিল যে তেওঁৰ জীয়ৰী জীৱিত অৱস্থাত আছে তেওঁ বৰ্তমান কাশ্মীৰত আছে।
২০১২ বৰ্ষতে সংঘটিত এই চাঞ্চল্যকৰ হত্যাকাণ্ডটোৰ তদন্ত কৰি আছে চি বি আইয়ে।
ইয়াৰ পূৰ্বে চি বি আইৰ বিশেষ আদালতে ইন্দ্ৰাণী মুখাৰ্জীয়ে কৰা দাৈবীৰ উত্তৰত ৪ ফেব্ৰুৱাৰিৰ ভিতৰত দিবলৈ কৈছিল তদন্তকাৰী সংস্থাটোক।
কিন্তু তদন্তকাৰী সংস্থাটোৱে এতিয়া কৈছে যে ইয়াৰ সত্য সত্যতা নিৰূপণৰ বাবে তেওঁলোকক আৰু ১৪ দিনৰ সময় লাগিব।
উল্লেখ্য যে ২০১৫ চনৰ আগষ্ট মাহত গ্ৰেপ্তাৰ হোৱাৰ পিছৰে পৰা ইন্দ্ৰাণী মুখাৰ্জী মুম্বাইৰ ৱায়কুলা মহিলা কাৰাগাৰত বন্দী হৈ আছে।
মুখাৰ্জীয়ে কেইবাবাৰো জামিনৰ বাবে আবেদন কৰিছিল যদিও প্ৰতিবাৰেই চি বি আইৰ বিশেষ আদালতে তেওঁৰ জামিন নাকচ কৰি আহিছে।
মুখাৰ্জীয়ে দুমাহ পূৰ্বে চি বি আইৰ সঞ্চালকলৈ এখন পত্ৰ লিখিছিল আৰু শ্বীনাক বিচাৰিবলৈ কাশ্মীৰত অনুসন্ধান চলাবলৈ কৈছিল সংস্থাটোক।
মুখাৰ্জীয়ে কৈছিল যে তেওঁক তেওঁৰ কাৰাগাৰৰ এজন সহকৰ্মীয়ে শ্বীনা কাশ্মীৰত থকা বুলি তথ্য দিছিল।