পঞ্জাৱৰ হোচিয়াৰপুৰ জিলাৰ এগৰাকী ৮১ বছৰীয়া লোকে এবাৰ দুবাৰ নহয় ২০ বাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলোৱা এটা খবৰে দেশবাসীৰ চৰ্চাৰ বিষয় হৈ পৰিছে।
পাঁচ দশক ধৰি জোতা মেৰামতিৰ কাম কৰি অহা এইগৰাকী বিশেষ ব্যক্তিয়ে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ প্ৰয়াস কৰি আছে।
পঞ্জাৱৰ হোচিয়াৰপুৰ জিলাৰ ক্লক টাৱাৰৰ সমীপৰ এখন সৰু দোকানত বিগত পাঁচ দশকৰ পৰা জোতা মেৰামতিৰ কাম কৰি আহিছে ওমপ্ৰকাশ জখুৱে।
পঞ্জাৱ বিধানসভা নিৰ্বাচনত ওমপ্ৰকাশ জখুৱে এইবাৰ ২০ বাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
মোহল্লা কীৰ্তি নগৰৰ নিবাসী ওমপ্ৰকাশে এইবাৰ ডেম’ক্ৰেটিক পাৰ্টীৰ তৰফৰ পৰা নিৰ্বাচনত যুঁজ দিব।
১১৭ খন আসনযুক্ত পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ ১৪ ফেব্ৰুৱাৰিৰ দিনটোত অনুষ্ঠিত হ’ব। পঞ্জাৱত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।