চান্দা তোলাৰ বিৰুদ্ধে সৰৱ হ’ব ৰাজ্য, আনিব কাঢ়া আইন
চান্দা সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ হব অসম। আজি ১ ফেব্ৰুৱাৰী তাৰিখে এই বিষয়ে মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেখেতে কয় চান্দা তোলাৰ বিৰুদ্ধে সৰৱ হ’ব ৰাজ্য, চান্দা সংস্কৃতিৰ বিৰুদ্ধে আনিব কাঢ়া আইন। প্ৰয়োজন হলে সম্পত্তি বাজেয়াপ্ত কৰি সেই টকা উভতাই দিয়া হব লোকক।
চান্দা যাক আনএক ভাষাত জোৰকৈ দান দিবলৈ বাধ্য কৰোৱা বুলিও কোৱা হয়। তাৰ বিৰুদ্ধে সৰব হৈছে মুখ্যমন্ত্ৰী। আজি এক সাংবাদিকেৰে হোৱা সাক্ষাতত মুখ্যমন্ত্ৰীয়ে কয় অসমক দেশৰ ভিতৰতে শ্ৰেষ্ঠ ৫ ৰাজ্যৰ ভিতৰত এখন কৰিব লাগিব। অসমৰ পৰা চান্দা উঠোৱা ৰাজ্যৰ টেগ লাইন উঠাব লাগিব।
অন্যকো চান্দা উঠোৱা কাৰ্যত বাধা দিয়াৰ লগতে নিজেও ইয়াৰ বিৰোধিতা কৰিব লাগিব। ব্যৱসায় সকল হৈছে অৰ্থনৈতিক দিশৰ মূল ভেটি। লগতে ব্যৱসায়ী সকলে নিবনুৱাকো সংস্থাপন দিয়ে।
সেয়ে যাতে এই ব্যৱসায়ী সকসক চান্দাৰ নামত কোনেও হাৰাশাস্তি নকৰে তাৰ বাবে অনা হব এখন বিধেয়ক। যি বিধেয়কত থাকিব যে, কোনো লোকে যদি জোৰ কৈ চান্দা আনে তেন্তে আদালতে সেই লোকৰ সম্পত্তি বাজেয়াপ্ত কৰি তাৰেই টকাৰে চান্দাৰ ধন উভতাই দিয়া হব সেই সকল লোকক যাৰ পৰা জোৰকৈ চান্দা অনা হয়
ইয়াৰ দ্বাৰা বহিঃৰাজ্যৰ ব্যৱসায় সকলো প্ৰভাৱিত হব আৰু অসমলৈ আহি ব্যৱসায় কৰিব। যাৰ ফলত অসমৰ আৰ্থিক ব্যৱস্থা আৰু উন্নত হব। এক সুস্থ পৰিৱেশৰ সৃষ্টি হব।