দেশজুৰি বিশেষ চৰ্চিত ৰিপুন বৰা- ৰাজ্যসভাত মোদী চৰকাৰক দিলে তুলাধুনা

 


দেশজুৰি বিশেষ চৰ্চিত ৰিপুন বৰা- ৰাজ্যসভাত মোদী চৰকাৰক দিলে তুলাধুনা

অসমৰ ৰাজনীতিৰ শীৰ্ষ নেতা , ৰাজ্য়সভাৰ সাংসদ তথা প্ৰাক্তন অসম প্ৰদেশ কংগ্ৰেছ সভপতি ৰিপুন বৰা বৰ্তমানে দেশজুৰি বিশেষ চৰ্চিত ব্যক্তি হৈ পৰিছে। আজিৰ ৰাজ্যসভাত তেখেতে মোদী চৰকাৰক তুলাধুনা দিয়ে। ট্ৰেণ্ডিং হৈ পৰিছে ৰিপুন বৰা।

কংগ্ৰেছৰ হৈ তেখেতে মোদী চৰকাৰক বহু প্ৰশ্নৰ উত্থাপন কৰে লগতে তীব্ৰ বাক্যবান নিক্ষেপ কৰে। তেখেতে কয়- কভিডৰ বাবে দেশৰ অৰ্থব্যৱস্থা একেবাৰে ধ্বংস হৈ পৰিছে কিন্তু ৰাষ্ট্ৰপতিৰ অভিভাষণত সেই সন্দৰ্ভত কোনো কথাই উল্লেখ নাপালে।

কৰণা আৰু লকডাউনৰ বাবে দেশৰ ৮৪ কোটি লোকে ভীষণ অৰ্থ সংকটত পৰে, পাছে সেই সন্দৰ্ভত একোৱে উল্লেখ নাপালে। নাগালেণ্ড হিংসাৰ বিষয়ো উত্থাপন কৰে অসমৰ সাংসদগৰাকীয়ে।

বিদেশী আক্ৰমণ ৰোধ কৰাৰ বাবে থকা সেনাই নিজৰেই দেশৰ নিৰীহ লোকৰ প্ৰাণ কাঢ়িলে। নগা শান্তিৰ কথাও উল্লেখ কৰিলে বৰাই।

পাছে তেখেতৰ এক বিশেষ কথাই হে বিশেষ চৰ্চা লাভ কৰে। তেখেতে কয় মোদী চৰকাৰে নিষ্ঠাৱান পিতৃয়ে ঘটা আৰু অকৰ্মন্য পুত্ৰই ধ্বংস কৰাৰ দলে সকলো এফালৰ পৰা ধ্বংস কৰি গৈছে।

কোনো কথাতেই আজিলৈকে সুপুত্ৰৰ দৰে একো এটা ঘটিব পৰা নাই মোদী চৰকাৰে। কেৱল ধ্বংস কৰাই কাম হৈ পৰিছে মোদী চৰকাৰৰ।

জৱাহৰলাল নেহৰুৰ দিনৰ পৰা উন্নতিৰ বাখ্যা দাঙি ধৰি উদাহৰণ সহ মোদী চৰকাৰৰ অকৰ্মন্যতাৰ বিষয়ে উল্লেখ কৰে।যাৰ পাছৰে পৰা দেশজুৰি চৰ্চিত হৈ পৰিছে অসমৰ সাংসদ ৰিপুন বৰা।

Post a Comment

Previous Post Next Post