বলীউদৰ কিংবদন্তি অভিনেতা অমিতাভ বচ্চনে তেওঁৰ দিল্লীৰ গুলমোহৰ পাৰ্কত থকা ঘৰটো বিক্ৰী কৰিলে।মহাৰাষ্ট্ৰত বচ্চন পৰিয়ালৰ অজস্ৰ সম্পত্তি থাকিলেও দিল্লীত থকা এই স্মৃতি বিজড়িত ঘৰটো বিক্ৰী কৰি দিলে অমিতাভে।
জানিব পৰা মতে, সেই ঘৰটোত এসময়ত অমিতাভৰ পিতৃ-মাতৃ আছিল।
বাতৰি অনুসৰি, ডিচেম্বৰ মাহতেই বিগ-বিয়ে দিল্লীৰ গুলমোহৰ পাৰ্কৰ ‘সোপান’ নামৰ ঘৰটো ২৩কোটি টকাত বিক্ৰী কৰি দিয়ে। অমিতাভৰ পৰা এই ঘৰটো ক্ৰয় কৰিছে Nezone গ্ৰুপে।
যোৱা ৭ ডিচেম্বৰত বিক্ৰী কৰা হৈছে ৪১৮.০৫ বৰ্গ ফুটৰ এই ঘৰটো। খুব সংগোপনে বিক্ৰী কৰি দিয়া হৈছে এই ঘৰটো।
ঘৰটো ক্ৰয় কৰা Nezone গ্ৰুপৰ অবনী বাদেৰে বচ্চন পৰিয়ালৰ এই পুৰণি ঘৰটো ভাঙি নতুন ৰূপত নিৰ্মাণ কৰিব।
অমিতাভ বচ্চনৰ পিতৃ হৰিবংশ ৰাই বচ্চন আৰু মাতৃ তেজী বচ্চন এই ঘৰটোতেই বাস কৰিছিল। মুম্বাইলৈ গুচি যোৱাৰ পূৰ্বে অমিতাভে নিজেও এই ঘৰটোত আছিল। বৰ্তমানৰ মুম্বাইৰ জুহুত থকা ‘জলসা’ত পৰিয়ালৰ সৈতে থাকে অমিতাভ।
বহুদিন ধৰি খালী পৰি থকা দিল্লীৰ এই ঘৰটো অৱশেষত অমিতাভে বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লয়।