হায়দৰাবাদৰ সাংসদগৰাকী বৰ্তমান সুৰক্ষিত বুলি কোৱা হৈছে। এই ঘটনাত আৰক্ষীয়ে এজনক আটক কৰিছে।
বৃহস্পতিবাৰে মীৰাটৰ কিঠৌৰ বিধানসভা সমষ্টিত প্ৰচাৰ অভিযানত আহিছিল ওৱেছি। প্ৰচাৰ শেষ কৰি দিল্লীলৈ ওভতাৰ সময়ত চাজাৰ্ছ টোল গেটৰ সমীপত তেওঁৰ গাড়ীলৈ গুলী চলোৱা হয়।
বাতৰি অনুসৰি, গুলীচালনাত গাড়ীৰ চকা পাংচাৰ হয়। সাংসদ গৰাকীয়ে পাছত আন এখন গাড়ীৰে ৰাওনা হয়।
ওৱেছিয়ে নিজৰ টুইটাৰত গাড়ীখনৰ এখন ছবিও প’ষ্ট কৰিছে। তাত গাড়ীৰ সন্মুখত আৰু পিছপিনৰ দৰ্জাত দুটা ফুটা দেখা গৈছে। সেয়া বুলেটৰ দাগ বুলি কোৱা হৈছে।
আৰক্ষীয়ে ইতিমধ্যে এজন লোকক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। আটকাধীন লোকজনৰ জিম্মাৰ পৰা অস্ত্ৰ উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে।
আনহাতে, ঘটনাত জড়িত আনকেইজন লোক পলায়ন কৰা বুলি কোৱা হৈছে।
আছাদুদ্দিন ওৱেছিয়ে এই গুলীচালনাৰ এই ঘটনাৰ নিৰ্বাচন আয়োগক এক স্বতন্ত্ৰ তদন্তৰ বাবে আবেদন জনায়। এই সন্দৰ্ভত তেওঁ লোকসভাৰ অধ্যক্ষকো সাক্ষাৎ কৰিব বুলি জনাইছে।