দৌল গোবিন্দত মুখ্য মন্ত্ৰীৰ ৫৩সংখ্যক ওপজা দিন উদযাপন



 অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫৩ শীৰ্ষক ওপজা দিন  (Himanta Biswa Sarma Birthday) আজি উলহ মালহেৰে ৰাজ্যজুৰি উদযাপিত হয়। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ প্ৰান্তুে প্ৰান্তে দিনযোৰা কাৰ্য্যসূচীৰে ওপজা দিন উদযাপন কৰিলে দলীয় কৰ্মকৰ্তাই । আজি মুখ্যমন্ত্ৰী গৰাকীয়ে পুৱাই উত্তৰ গুৱাহাটী ৰূদ্ৰেশ্বৰৰ পৰম শিৱম মন্দিৰত উপস্থিত হৈ বৈদিক সাজেৰে মন্দিৰৰ কেশৱ মহাৰাজজীৰ ওচৰত আঁঠু লৈ পৰম শিৱম মহাপ্ৰভুৰ আশীৰ্বাদ লয় । ধূপ-দীপ নৈবেদ্যৰে ভগৱন্তক প্ৰাৰ্থনা জনাই পোনে পোনে দৌল গোবিন্দ মন্দিৰত উপস্থিত হয়।


মুখ্যমন্ত্ৰীৰ আগমনৰ সময়ত কেইবা শ দলীয় কৰ্মী-অনুৰাগীয়ে ভীৰ কৰেহি মন্দিৰৰ প্ৰবেশদ্বাৰত । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma Birthday) দৌল গোবিন্দ মহাপ্ৰভুৰ চৰণত বন্তি জ্বলাই প্ৰভুৰ আশীৰ্বাদ লয়।  ইয়াৰ পিছত দৌল গোবিন্দ মন্দিৰৰ সমীপতে ৫০লাখ টকা ব্যয় সাপেক্ষ  মন্দিৰৰ এক বহুমুখী প্ৰকল্গৰ শিলান্যাস কৰে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীক দলীয় কৰ্মী অনুৰাগীয়ে ফুলাম গামোছা, জাপি আৰু ফুলৰ থোপাৰে অজস্ৰজনে জনালে ওপজা দিনৰ আন্তৰিক অভিনন্দন ।

উত্তৰ গুৱাহাটী শিশু গ্ৰামৰ কণ কণ শিশুৰ লগত ভাৰতীয় জনতা পাৰ্টী ভাতৃ সংগঠনসমুহে উদযাপন কৰে মুখ্যমন্ত্ৰীৰ ওপজা দিন (Himanta Biswa Sarma Birthday) । ভাৰতীয় জনতা পাৰ্টি বেজেৰা মণ্ডল, উত্তৰ গুৱাহাটী ভাৰতীয় জনতা পাৰ্টি নগৰ সমন্বয়ৰক্ষী সমিতি, জালুকবাৰী কিষাণ মৰ্চাৰ উপৰিও কেইবাটাও সংগঠনে শিশু সকলৰ সৈতে উদযাপন কৰে মুখ্যমন্ত্ৰীৰ ওপজা দিন । বেজেৰা মণ্ডল বিজেপি যুব মৰ্চাই ৰূদ্ৰেশ্বৰ মন্দিৰৰ বাকৰিত শিশু সকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতি ফল-মুল বিতৰণ কৰে । জালুকবাৰী বিজেপি মহিলা  মৰ্চাৰ উদ্যোগত গৌৰীপুৰত নাম প্ৰসংগৰৰে মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু তথা সুস্বাস্থ্য কামনা কৰিলে।

Post a Comment

Previous Post Next Post