মাৰ্চত মাজুলীত অনুষ্ঠিত হ'ব বিধানসভাৰ উপনিৰ্বাচন (Majuli By Election: ) ৷ বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল (Sarbananda Sonowal)ৰ উত্তৰসুৰী হ'ব কোন? নাম চৰ্চাত আছে বহুকেইজন নেতাৰ ৷ এইফালে, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ক'লে, নিৰ্বাচনৰ দিন ঘোষণাৰ দিনাই প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব বিজেপিয়ে ৷
ৰাজ্যৰ অন্যতম হাই প্ৰফাইল সমষ্টি মাজুলী (Majuli) বিধানসভা ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰি যোৱা মাজুলী সমষ্টিৰ উপনিৰ্বাচনত বিজেপি (BJP)য়ে কাক প্ৰক্ষেপ কৰিব তাকে লৈ ৰাজনৈতিক মহলত চলিছে চৰ্চা ৷ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ দৌৰত শীৰ্ষত আছে বিজেপি নেতা ভূবন গাম (Bhuban Gam) ৷ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), অভিভাৱক মন্ত্ৰী বিমল বৰা, নিৰ্বাচনী পৰ্যবেক্ষক ডা৹ ৰণোজ পেগু, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা, সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বৰে আছে ভূৱন গামৰ মধুৰ সম্পৰ্ক ৷ মাজুলীত বিশেষ ভূমিকা লৈ অহা সত্ৰৰ সৈতেও গামৰ আছে সু-সম্পৰ্ক ৷ যদিহে সাংসদ প্ৰদান বৰুৱাক মাজুলীত প্ৰক্ষেপ কৰা নহয়, ভূবন গামৰ দিছপুৰ (Dispur) যাত্ৰাৰ পথ একপ্ৰকাৰ প্ৰশস্ত ৷
এইখিনিতে উনুকিয়াব পাৰি যে বিজেপি নেতৃত্বই প্ৰদান বৰুৱাক প্ৰক্ষেপ কৰি পুনৰ আন এক উপ নিৰ্বাচন পাতি অযথা শক্তি ক্ষয় কৰিবলৈ এইসময়ত নিবিচাৰিব ৷ যদিহে প্ৰদান বৰুৱা বা ভূৱন গামক দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ নকৰে, বৰ্তমানৰ দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী মাধৱ দেউৰী হ'ব পাৰে বিজেপিৰ তৃতীয় পছন্দ ৷ কিন্তু মাজুলীত ফেক্টৰ হোৱা মিচিং ভোটাৰৰ বিপৰীতে দেউৰী ভোটাৰৰ সংখ্যা ১৫শৰ ভিতৰত ৷ এই দিশবোৰ চালে ভূৱন গামেই এতিয়া প্ৰাৰ্থিত্ব পোৱাৰ সম্ভাৱনা অধিক ৷
অৱশ্যেই হেমচন্দ্ৰ দলে, নৃপেন কামান, বিতোপন দলে, ৰাজশেখৰ দলে, লোকনাথ কুটুম আদিও সমষ্টিটোৰ টিকট প্ৰত্যাশী ৷ ইফালে মিত্ৰদল গণশক্তিয়ে বিচাৰিছে দেৱজিৎ পাটিৰক ৷ নিৰ্বাচন আয়োগে দিন ঘোষণা কৰাৰ লগে লগে বিজেপিয়েও ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম ৷
"নিৰ্বাচনলৈ আমি সাঁজু হৈ আছোঁ ৷ প্ৰাৰ্থীও আমাৰ ঠিক হৈ আছে ৷ দেওবাৰে মাজুলীৰ ১৬৪টা বুথতে প্ৰধানমন্ত্ৰীৰ মন কী বাত শুনিছে ৷ ৰাইজ আমাৰ সৈতে আছিল আৰু আছে ৷ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ দিনাই আপোনালোকে আমাৰ প্ৰাৰ্থীৰ নাম গম পাব ৷"