মহানগৰীত যানজঁটৰ সমস্যা সমাধানৰ বাবে ৰাজ্যৰ লোকনিমাৰ্ণ (পথ) বিভাগে গ্ৰহণ কৰিলে এক বিশেষ ব্যৱস্থা৷ মহানগৰী ৰাধাগোবিন্দ বৰুৱা পথৰ জু-ৰোডত স্থাপন কৰা হ’ব দুই লেনযুক্ত উৰণীয়া সেতু৷ ৫৮০ মিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুখনত ব্যয় কৰা হ’ব ৭৮.৯৩ কোটি টকা ৷ ৭.৫০ মিটাৰ বহল হ’ব উৰণীয়া সেতুখন৷ অত্যধিক পাইল ফাউণ্ডচনেৰে সাজু কৰি উলিয়াবলগীয়া উৰণীয়া সেতুখন ১৮মাহৰ ভিতৰত সাজু কৰি উলিওৱাৰ সময়সীমা দিলে বিভাগৰ ফালৰ পৰা৷ মঙলবাৰে নিজৰ জন্মদিনৰ দিনটোত সেতুখনৰ মাংগলিক শুভাৰম্ভণি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
উৰণীয়া সেতুখনৰ মাংগলিক শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, ১৮মাহৰ সময়সীমা হ’লেও অহা ব’হাগ বিহুতে ৰাইজৰ বাবে উৰণীয়া সেতুখন মুকলি কৰি দিয়া হ’ব৷ ইমানেই নহয় জন্মদিনৰ দিনটোতে মুখ্যমন্ত্ৰীগৰাকীয়ে মহানগৰবাসীৰ বাবে ঘোষণা কৰিলে বহুকেইটা উপহাৰ৷ মুখ্যমন্ত্ৰীগৰাকীৰ মতে, আজি ঘোষণা কৰা আঁচনিসমূহ কোনো পৰিকল্পনা নহয়, এই সমূহৰ কাম আৰম্ভ হ’ব দুই এদিনত আৰু ৩ বছৰত কাম সম্পূৰ্ণ হ’ব৷