ৰাজ্যত এতিয়াই জাৰি নহয় কোভিড সম্পৰ্কীয় নতুন SOP


 

আজি হাফলঙত অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সাপ্তাহিক কেবিনেট বৈঠক। আজিৰ কেবিনেট বৈঠকখন কেইবাটাও দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাজ্যত বৰ্তমান দ্ৰুত কোৰোণাৰ সংক্ৰমণ। কোৰোণাৰ এনে সংক্ৰমণ প্ৰতিহত কৰিবলৈ আজিৰ কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সম্ভাৱনাৰ কথা ইতিমধ্যে জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।


কোভিডকলৈ কি সিদ্ধান্তঃ

মুখ্যমন্ত্ৰীয়ে কয় যে,  কোভিডৰ সন্দৰ্ভত আলোচনা কৰা হৈছে কেবিনেটচ বৈঠকত ৷ নতুন ৰেষ্ট্ৰিকছন আনিব বিচৰা নাই ৷ হাস্পতালত বিচনাৰ অভাৱ হ'লে ৰেষ্ট্ৰিকছন আনিব৷ কোভিডত আক্ৰান্ত হ'লে চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীয়ে সুস্থ হোৱাৰ সাত দিনৰ পিছত আঠ দিনৰ দিনা কামত যোগ দিব লাগিব ৷ ১৫ ফেব্ৰুৱাৰীৰ পূৰ্বে কোভিডৰ দ্বিতীয় ডোজ সম্পন্ন কৰাৰ লক্ষ্য।

আজিৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ'লঃ

  • অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বিষয়ত কেবিনেটত আলোচনা হয় ৷ আৰু সিদ্ধান্ত লোৱা হয় ৷ বৃহস্পতিবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে ৷

  • দুখন মহাবিদ্যালয়ত বাণিজ্য শাখা স্থাপন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে ৷ এখন মৰিগাঁও আৰু আনখন শুৱালকুছি কলেজ। সেইদৰে ৮খন কলেজত বিজ্ঞান শাখা প্ৰৱৰ্তন কৰা ৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

  • শিলচৰত এখন চিৰিয়াখানা স্থাপন হ'ব ৷ মুকলি চিৰিয়াখানা হব। ২১৪ কোটি ব্যয় হ'ব সাপেক্ষে নিৰ্মাণ কৰা হ'ব।

  • মৰাণ, মটক, বড়ো কছাৰী উন্নয়ন পৰিষদ আৰু স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে নীতি নিৰ্ধাৰণ কৰা হৈছে। ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ  ১০০জন কৰ্মচাৰীৰ দৰমহা ৰাজ্য চৰকাৰে দিব।

Post a Comment

Previous Post Next Post