দেশত কোৰোনাৰ সংক্ৰমণ প্ৰতিদিনে বৃদ্ধি হৈ আছে। যোৱা দুদিনত দেশত লক্ষাধিক লোক কোৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখতো পৰিছে কেইবাগৰাকী লোক। কোৰোনাৰ কাল ৰূপক লৈ দেশ সন্ত্ৰস্ত। সকলোৰে মনত এটাই প্ৰশ্ন কেতিয়া শেষ হ'ব কোৰোনাৰ সন্ত্ৰাস। আৰু কিমান সহিব লাগিব কোৰোনাকালীন যন্ত্ৰণা। এই বিষয়ত কোনেও বিতংকৈ উত্তৰ দিব পৰা নাই যদিও কোৰোনাৰ শেহতীয়া প্ৰবাহক লৈ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) মহামাৰী বিজ্ঞান বিভাগৰ মুৰব্বী ড০ সমীৰণ পাণ্ডাই (Dr. Samiran Panda) উল্লেখ কৰিছে কিছু কথা।
পাণ্ডাৰ মতে ১১ মাৰ্চৰ ভিতৰত কোৰোনা সংক্ৰমণৰ পৰা সাময়িক সকাহ পোৱাৰ সম্ভাৱনা আছে। তেওঁ লগতে কয় যে যদি কোৰোনাৰ আৰু কোনো নতুন প্ৰকাৰৰ আত্মপ্ৰকাশ নহয়, তেন্তে ১১ মাৰ্চৰ ভিতৰত পৰিৱৰ্তন দেখা যাব।
ড০ সমীৰণ পাণ্ডাই কয় যে গাণিতিক অনুমান অনুযায়ী ১১ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা কোৰোনাই ভাৰতত তিনি মাহৰ বাবে সংক্ৰমণ অব্যাহত ৰাখিব। ডাঃ পাণ্ডাৰ মতে, যদি অ'মিক্ৰণে ডেল্টাক ৰিপ্লেচ কৰে আৰু কোনো নতুন প্ৰকাৰৰ আত্মপ্ৰকাশ নহয়, তেন্তে ১১ মাৰ্চৰ পৰা আমি কিছু সকাহ দেখিম।
ড০ সমীৰণ পাণ্ডাই কয় যে দিল্লী আৰু মুম্বাইৰ দুখন মুখ্য মহানগৰত কোৰোনাৰ অ'মিক্ৰন (omicron) আৰু ডেল্টা কেছৰ অনুপাত ক্ৰমান্বয়ে প্ৰায় ৮০ আৰু ২০। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, ভাৰতে যোৱা ২৪ ঘণ্টাত কোৰোনা ভাইৰাছৰ ২,৮২,৯৭০টা নতুন কেছ লাভ কৰিছে আৰু ১,৮৮,১৫৭গৰাকী লোক আৰোগ্য হৈছে। অৱশ্যে, এই সময়ছোৱাত কোৰোনাত ৪৪১জন লোকৰ মৃত্যু হৈছে। দেশত এতিয়া ১৮,৩১,০০০ টা কোৰোনা সংক্ৰমণৰ সক্ৰিয় কেছ আছে। ইফালে, অ'মিক্ৰন ৰোগীৰ মুঠ সংখ্যা হৈছে ৮,৯৬১।