একেটা বেমাৰতে আক্ৰান্ত প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছ আৰু ছোনম কাপুৰ


 

বলীউদৰ তাৰকাসকলে নিজৰ স্বাস্থ্য সুন্দৰ কৰি ৰাখিবলৈ কি যে নকৰে! ফিটনেছ ঠিকে থকাৰ বাবে নিউট্ৰিচনিষ্টৰ পৰা ডায়েট লোৱা, জিমিংৰ পৰা আৰম্ভ কৰি ব্যায়ামলৈ সম্পূৰ্ণ দিনটোৰ তালিকা প্ৰস্তুত কৰি লয়। ইয়াৰ পিছতো একাংশ এনেকুৱা তাৰকা আছে, যিসকল কোনো ক্ৰনিক ৰোগৰ সৈতে যুঁজি আছে আৰু সেয়া মেনেজো কৰে। অভিনেত্ৰী ছোনম কাপুৰ আৰু অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ স্বামী নিক জোনাছ এক এনেকুৱা ৰোগত আক্ৰান্ত যাৰ নাম টাইপ–১ ডায়েবেটিছ।


মিডিয়া ৰিপ’ৰ্ট অনুসৰি, ছোনম ১৭ বছৰ বয়সত এই ৰোগত আক্ৰান্ত হৈছিল। এই ৰোগক নিয়ন্ত্ৰণ কৰাৰ বাবে ছোনমে ইনচুলিন ল’ব লাগে। আনহাতে, বিগত বৰ্ষত নিক জোনাছে নিজৰ ইনষ্টাগ্ৰামত এক পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত তেওঁ নিজৰ ৰোগৰ কথা উল্লেখ কৰিছিল। মিডিয়া ৰিপ’ৰ্ট অনুসৰি, নিকৰো ১৩ বছৰ বয়সতে এই ৰোগ হৈছিল।

চেণ্টাৰ ফৰ ডিজিজ কন্ট্ৰ’ল এণ্ড প্ৰিভেনচনৰ মতে, ডায়েবেটিছ (মধুমেহ) এক ক্ৰনিক অৰ্থাৎ দীৰ্ঘ সময়লৈ থকা স্বাস্থ্যজনিত সমস্যা, যিয়ে শৰীৰৰ দ্বাৰা খাদ্যক শক্তিৰ বাবে ব্যৱহাৰ কৰাৰ প্ৰক্ৰিয়া প্ৰভাৱিত কৰে।

টাইপ–১ ডায়েবেটিছ কি? (what is type 1 diabetes)

ডায়েবেটিছৰ চাৰিতা প্ৰকাৰ থাকিব পাৰে। য’ত এটা হ’ল টাইপ–১ ডায়েবেটিছ। মধুমেহৰ এই প্ৰকাৰত ইমিউন ছিষ্টেমে ভুলক্ৰমে ইনচুলিন উৎপাদন কৰা পেংক্ৰিয়াছৰ কোষ নষ্ট কৰিবলৈ ধৰে। যাৰ দ্বাৰা শৰীৰত ইনচুলিনৰ মাত্ৰা একেবাৰে কমি যায় বা নথকাৰ সমান হয়। সাধাৰণতে এই সমস্যা শিশু বা কৈশোৰ কালত দেখিবলৈ পোৱা যায়। সেইবাবে ইয়াক জুভেনাইল ডায়েবেটিছ (juvenile diabetes)) বা ইনচুলিন–ডিপেণ্ডেণ্ট ডায়েবেটিছ (insulin-dependent diabetes) বুলিও কোৱা হয়।

টাইপ–১ ডায়েবেটিছৰ লক্ষণ (Symptoms of type 1 diabetes)

১. খুব পিয়াহ লগা

২. ঘনে ঘনে প্ৰস্ৰাৱ লগা

৩. ভাগৰুৱা অনুভৱ কৰা

৪. ছালৰ ওপৰত কাটিলে বা ঘা হ’লে লাহে লাহে ভাল হোৱা

৫. প্ৰায়ে ভোক অনুভ কৰা

৬. খজুৱতি

৭. ছালৰ সংক্ৰমণ

৮. ধুৱলি কুৱলি দেখা

৯. কাৰণ নোহোৱাকৈ শৰীৰৰ ওজন কমা

১০. মূৰৰ বিষ

১১. মূৰ ঘুৰোৱা।

Post a Comment

Previous Post Next Post