সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chiefৰ দায়িত্ব লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক


 

গণৰাজ্য দিৱসৰ শুভ মুহূৰ্তৰ মাজতে ৰাজ্যলৈ আহিছে এটা ভাল খবৰ। প্ৰথমগৰাকী অসমীয়া হিচাপে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ GOC-in-Chiefৰ দায়িত্ব গ্ৰহণ কৰিলে লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা (Lieutenant General Rana Pratap Kalita)ই। অসমৰ সুযোগ্য সন্তান ৰঙিয়াৰ নিবাসী ৰাণা প্ৰতাপ কলিতা হৈছে অসমৰ লগতে এই পদত অধিষ্ঠিত হোৱা উত্তৰ পূবৰো প্ৰথমগৰাকী সেনা বিষয়া৷


ৰঙিয়াৰ যোগেন্দ্ৰ কলিতা আৰু ৰেণু কলিতাৰ সন্তান ৰাণা প্ৰতাপ কলিতা গোৱালপাৰাৰ সৈনিক স্কুলৰ ছাত্ৰ আছিল। কুমাও ৰেজিমেণ্ট (Kumaon Regiment)ৰ এইগৰাকী সেনা বিষয়াই ইয়াৰ পূৰ্বেও অসমক গৌৰৱান্বিত কৰিছে।

১৯৮৪ চনত নৱম কুমাও ৰেজিমেণ্টত যোদগান কৰি সেনাৰ জীৱন আঁকোৱালি লৈছিল ৰাণা প্ৰতাপ কলিতাই। প্ৰথমগৰাকী অসমীয়া হিচাপে তেওঁ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বীৰ দায়িত্বও পালন কৰিছিল।

Post a Comment

Previous Post Next Post