মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজি নগাঁওৰ ৰাজীৱ ভৱনত (Rajiv Bhawan in Nagaon) এক সংবাদমেলৰ আয়োজন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্যই মুখ্যমন্ত্ৰীগৰাকীৰ (CM Himanta Biswa Sarma) বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ আনে। কংগ্ৰেছ নেতাগৰাকীয়ে আৰ বি এছৰিয়েল্টৰ্চ নামৰ প্ৰতিষ্ঠানটোৰ প্ৰসংগ উল্লেখ কৰি এই সমগ্ৰ ঘটনাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক জগৰীয়া কৰে।
অপূৰ্ব ভট্টাচাৰ্যই ( Apurba Bhattacharya) মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয়, "ডাঙৰ ডাঙৰ কথা কোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে ভূমিহীনৰ বাবে আবণ্টিত ২৯ বিঘা মাটি কাঢ়ি লোৱা সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰক। ভূমিৰ দালালৰাজ উৎখাত কৰিম বুলি কোৱা মুখ্যমন্ত্ৰীগৰাকীৰ নাম ৰাজ্যৰ সৰ্ববৃহৎ ভূমি কেলেংকাৰিৰ সৈতে সাঙোৰ খাইছে।"
অপূৰ্ব ভট্টাচাৰ্যই লগতে কয়, "আমি প্ৰথম অৱস্থাৰে পৰা এই কেলেংকাৰিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছোঁ।" আনহাতে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছী বিধায়কক ফিক্সড ডিপ'জিট কৰি ৰখা প্ৰসংগত অপূৰ্ব ভট্টাচাৰ্যই কয়, "ঘোৰা কিনা-বেচা কৰি ৰাজ্যসভালৈ মুখ্যমন্ত্ৰীয়ে বোবাহে পঠিয়াব। কিন্তু আপোনালোকে চাব বিদ্ৰোহ মুখ্যমন্ত্ৰীৰ বেড ৰুমৰ পৰাই আৰম্ভ হ'ব।"
উল্লেখযোগ্য যে আজিৰ এই সংবাদমেলত ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা, কংগ্ৰেছ নেতা সুৰেশ বৰা আৰু জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মাও উপস্থিত থাকে।