MrJazsohanisharma

ই-কমাৰ্চ কোম্পানী এমাজন মালিকৰ বিৰুদ্ধে গোচৰ ৰুজুৰ নিৰ্দেশ মধ্যপ্ৰদেশ চৰকাৰৰ


 

ই-কমাৰ্চ কোম্পানী এমাজনৰ জৰিয়তে জাতীয় পতাকাৰ ৰং আৰু প্ৰতীক অংকিত সামগ্ৰী বিক্ৰী কৰাক লৈ ছচিয়েল মিডিয়াত তুমুল প্ৰতিবাদ হৈছিল। মঙলবাৰে এই বিষয়টো দৃষ্টিগোচৰ হোৱাৰ পিছত মধ্য প্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই (Home Minister Narottam Mishra) ৰাজ্যখনৰ ডিজিপিক এমাজনৰ মালিক আৰু বিষয়াসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে।


মঙলবাৰে সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰই কয়, "মোৰ দৃষ্টিগোচৰ হৈছে যে এমাজন কোম্পানীৰ সামগ্ৰীত দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ ছবি সন্নিবিষ্ট কৰা হৈছে। এই সামগ্ৰীবোৰ কোম্পানীয়ে বিক্ৰী কৰি আছে'' ( FIR against  Amazon)।  মিশ্ৰই এনে সামগ্ৰীৰ মাজত জোতাও থকা বুলি উল্লেখ কৰি কয় যে দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ অপমান কোনো ক্ষেত্ৰতে সহ্য কৰা নহ'ব। তেওঁ সেয়ে দেশৰ ৰাষ্ট্ৰীয় পতাকা বিধি উলংঘনৰ বাবে ডিজিপিক ই-কমাৰ্চ কোম্পানী এমাজনৰ মালিক আৰু বিষয়াসকলৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে (selling products with the image of the Indian national flag)।উল্লেখ্য, দেশৰ ৰাষ্ট্ৰীয় পতাকাক অপমান কৰা বাবে সামাজিক মাধ্যমত এমাজনৰ তীব্ৰ বিৰোধিতা কৰা হৈছে। বহু নেটিজেনে এমাজনক সতৰ্ক কৰি দিছিল যে ইয়াক সহ্য কৰা নহ'ব আৰু এনে সামগ্ৰীৰ বিক্ৰী তৎক্ষণাৎ বন্ধ কৰিব লাগে।

Post a Comment

Previous Post Next Post