একচন হৈছে আৰু হ’বই, পুলিচগিৰিয়ে নহয়, মিলিটেৰী গিৰিও চলিব অপৰাধীৰ বিৰুদ্ধে’


 

অপৰাধীৰ বিৰুদ্ধে পুলিচগিৰিয়ে নহয়, মিলিটেৰীগিৰিও চলিব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এই জুই জ্বলিছে, জ্বলিবই।পুলিচগিৰিয়ে নহয়, মিলিটেৰী গিৰিও চলিব অপৰাধীৰ বিৰুদ্ধে। ড্ৰাগছ মাফিয়াক মাতি আনি ৰাজীৱ ভৱনত সম্বৰ্ধনা দিয়ক। অপৰাধীৰ সপক্ষে এইয়াই চাগে প্ৰথমটো ৰাজনৈতিক দল, যিটোয়ে অপৰাধীৰ সমৰ্থনত কথা কয়।’’


মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ড্ৰাগছ মাফিয়াই অসমত বৃহৎ পৰিমাণৰ ধন ফাইনেন্স কৰি ৰাখিছে। কীৰ্তিকমলৰ ঘটনাৰ আলম লৈ ড্ৰাগছ মাফিয়াক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে।তদন্ত দিছো,দোষী যি নহওক ব্যৱস্থা হ’বই। সেইবুলি ড্ৰাগছৰ বিৰুদ্ধে অভিয়ান বন্ধ নকৰো।

‘‘একচন হৈছে আৰু হ’বই। ছোৱালীৰ সতীত্ব হৰণ কৰিব যোৱা, ডাঙৰক অপমান কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা হ’বই। ৫ বছৰৰ ভিতৰত এটাও যাতে ড্ৰাগছৰ ঘটনা নাহে, মই আৰক্ষীক নিৰ্দেশ দিছো। নগাঁওৰ ঘটনাক বাদ দি কোনটো কাম বেয়া হৈছে? নগাঁওৰ ড্ৰাগছ মাফিয়া ইফুৰ ঘৰত গৈ কি মই মাফ খুজিম নেকি?

Post a Comment

Previous Post Next Post