Corona Third Wave Ending? অন্ত পৰিব ধৰিছে নেকি কোৰোণাৰ তৃতীয় লহৰৰ সংক্ৰমণ?


 

ভাৰতত কোৰোণাৰ তৃতীয় লহৰ হ্ৰাস হোৱাৰ লক্ষণ দেখা গৈছে। যোৱা ২৪ ঘণ্টাত 2.86 লাখৰো অধিক সংক্ৰমণ হৈছে কিন্তু আৰোগ্যৰ হাৰ বৃদ্ধি হোৱাৰ বাবে সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে। দেশত যোৱা ২৪ ঘণ্টাত তিনি লাখতকৈও অধিক লোকে কোৰোণা মহামাৰীক পৰাস্ত কৰিছে। এতিয়া দেশৰ সক্ৰিয় ৰোগী প্ৰায় ২২ লাখ। দৈনিক পজিটিভিটী হাৰ ১৭.৭৫ শতাংশ।


স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনাইছে যে যোৱা ২৪ ঘণ্টাত দেশখনত ৩,০৬,৩৫৭ জন ৰোগী আৰোগ্য হৈছে। এতিয়ালৈকে মুঠ আৰোগ্যৰ সংখ্যা ৩,৭৬,৭৭,৩২৮ লৈ বৃদ্ধি হৈছে। দেশত আৰোগ্যৰ হাৰ হৈছে ৯৩.৩৩ শতাংশ। বিপৰীতে ২৪ ঘণ্টাত ২,৮৬,৩৮৪টা নতুন ঘটনা হৈছে।

দেশৰ প্ৰায় ২২ লাখ সক্ৰিয় কোৰোণা ৰোগীৰ ভিতৰত ১১খন ৰাজ্যৰ প্ৰতিখনতে ৫০,০০০ ৰো অধিক সক্ৰিয় ৰোগী আছে। কেৱল মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু কেৰালাত ৩ লাখৰো অধিক সক্ৰিয় কেছ আছে বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্যই কয়।

আমি যদি ২০ জানুৱাৰীৰ পৰা দেশত কোৰোণাৰ সংক্ৰমণৰ তথ্য চাও দেখিম যে বিগত তিনিদিনত সংক্ৰমণ ৩ লাখৰ ওপৰলৈ যোৱা নাই।

২০ জানুৱাৰীত নতুনকৈ সংক্ৰমণ হৈছিল ৩,৪৭,২৫৪জন
২১ জানুৱাৰীত নতুনকৈ সংক্ৰমণ হৈছিল ৩,৩৭,৭০৪জন
২২ জানুৱাৰীত নতুনকৈ সংক্ৰমণ হৈছিল ৩,৩৩,৫৩৩জন
২৩ জানুৱাৰীত নতুনকৈ সংক্ৰমণ হৈছিল ৩,০৬,০৬৪জন
২৪ জানুৱাৰীত নতুনকৈ সংক্ৰমণ হৈছিল ২,৫৫,৮৭৪জন
২৫ জানুৱাৰীত নতুনকৈ সংক্ৰমণ হৈছিল ২,৮৫,৯১৪জন
২৬ জানুৱাৰীত নতুনকৈ সংক্ৰমণ হৈছিল ২,৮৬,৩৮৪জন

এই তথ্যৰ দৰে যদি সংক্ৰমণৰ হাৰ কমি থাকে তেন্তে আশা কৰিব পাৰি যে কোৰোণাৰ তৃতীয় লহৰৰ সংক্ৰমণ ক্ৰমে হ্ৰাস হোৱাৰ পথত। চৰকাৰী সূত্ৰ মতে ফেব্ৰুৱাৰীৰ মাজভাগলৈ কোৰণাৰ তৃতীয় লহৰৰ সংক্ৰমণ কমি যাব।

Post a Comment

Previous Post Next Post