অসম চৰকাৰৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)ই আজি ধেমাজি আৰু লখিমপুৰ জিলাৰ কেইবাটাও অঞ্চল ভ্ৰমণ কৰি জলসম্পদ বিভাগ (Water Resource Department)ৰ অধীনত চলি থকা বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ কেইবাটাও কামৰ অগ্ৰগতিৰ প্ৰত্যক্ষভাৱে বুজ লয় | মন্ত্ৰীগৰাকীয়ে আজি পুৱাৰ ভাগতে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু আৰু বিভাগীয় বিষয়াসকলৰ সৈতে ধেমাজি জিলাৰ জোনাই সমষ্টিৰ ঐৰামঘাট অঞ্চলত উপস্থিত হৈ অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ খহনীয়া (Erosion of Brahmaputra) ৰোধৰ বাবে চলি থকা সুৰক্ষা কাৰ্য আৰু পাৰ্কুপাইন বান্ধ পৰিদৰ্শন কৰি কাম ক্ষীপ্ৰ গতিত আৰু ভালদৰে কৰিবৰ বাবে বিভাগীয় বিষয়া-অভিযন্তাক নিৰ্দেশ দিয়ে | এই কাম সম্পূৰ্ণ হোৱাৰ পাছত অঞ্চলটো বান আৰু খহনীয়াৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিব বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে |
ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে বেৰাচাপৰি অঞ্চলত উপস্থিত হৈ SOPD-Gৰ অধীনত প্ৰায় ৭ কোটি টকা ব্যয়েৰে নিৰ্মীয়মান মথাউৰিৰ কামৰ অগ্ৰগতিৰ বুজ লৈ সোনকালে এই কাম সম্পূৰ্ণ কৰাৰ বাবে বিভাগীয় নিৰ্দেশনা প্ৰদান কৰে | আনহাতে জোনাই সমষ্টিৰ অন্তৰ্গত গাই নদীৰ পাৰত নিৰ্মীয়মান মথাউৰি পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰিকাই নদীখনৰ কাষৰীয়া অঞ্চলক বানপানীৰ পৰা স্থায়ী সুৰক্ষা দিবৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে নিৰ্মিত মথাউৰিৰ কামৰ মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰিবলৈ বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰক নিৰ্দেশ দিয়ে |
আনহাতে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীল নীতি মানি, তেঁও মন্ত্ৰী হৈ থকাপৰ্যন্ত জলসম্পদ বিভাগত কোনো ধৰণৰ দুৰ্নীতি হ’বলৈ নিদিয়ে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে | বিভাগীয় কামৰ ক্ষেত্ৰত মন্ত্ৰীয়ে নিজেও নীতি বহিৰ্ভূত হস্তক্ষেপ নকৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগীয় কামৰ এক নিৰ্দিষ্ট নিয়ম থাকে আৰু সেই নিয়ম অনুসৰিয়েই কামবোৰ কৰা হৈ আছে।
পাছবেলালৈ মন্ত্ৰী গৰাকীয়ে সাংসদ প্ৰদান বৰুৱা আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ সৈতে জহিং অঞ্চল ভ্ৰমণ কৰি মথাউৰি নিৰ্মাণৰ কামৰ বুজ লোৱাৰ লগতে অঞ্চলটোৰ ত্ৰিবেণী সংগম পৰিদৰ্শন কৰে | জহিং নদীৰ প্ৰায় এক কিল’মিটাৰ দৈৰ্ঘৰ মথাউৰি নিৰ্মাণৰ কাম অতি সোনকালে আৰম্ভ কৰি বাৰিষাৰ আগে আগে শেষ কৰা হ’ব বুলিও কয় মন্ত্ৰী গৰাকীয়ে ৷