ঊৰ্বশী ৰৌতেলাই হাই শ্লিট স্কাৰ্টেৰে দিলে চমক! সৌন্দৰ্যই জয় কৰিলে অনুৰাগীৰ হৃদয়


 

উৰ্বশী ৰৌতেলা (Urvashi Rautela) বলীউদৰ আটাইতকৈ গ্লেমাৰাছ অভিনেত্ৰীসকলৰ ভিতৰত এগৰাকী। নিজৰ ষ্টাইলিছ আৰু গ্লেমাৰাছ অৱতাৰেৰে সদায় ইণ্টাৰনেটত খলকনি তোলে ঊৰ্বশীয়ে। তেওঁৰ সকলো লুকেই পছন্দ কৰে অনুৰাগীয়ে। ছচিয়েল মিডিয়াতো ঊৰ্বশী অতি সক্ৰিয়। প্ৰায়ে ইনষ্টাগ্ৰামত নিজৰ নতুন নতুন ফটো–ভিডিঅ’ শ্বেয়াৰ কৰি থাকে। ফেশ্বনেৰে অনুৰাগীৰ হৃদয় কিদৰে জিনিব লাগে সেয়া ভালকৈ জানে ঊৰ্বশীয়ে।


শেহতীয়াকৈ ঊৰ্বশীয়ে এক নতুন ভিডিঅ’ শ্বেয়াৰ কৰিছে। ঊৰ্বশীয়ে পাউডাৰ পিংক ৰঙৰ ষ্ট্ৰেপলেছ ব্ৰালেট থাই হাই শ্লিট স্কাৰ্টত এটা ৰিল শ্বেয়াৰ কৰিছে। ঊৰ্বশী ৰৌতেলাৰ এই আউটফিট খুবেই ষ্টাইলিছ আৰু গ্লেমাৰাছ লাগিছে। অনুৰাগীও অভিনেত্ৰীগৰাকীৰ এই লুকক প্ৰশংসা কৰিছে। এই ৰূপত অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হৈছে ঊৰ্বশীয়ে। এই পোছাকৰ সৈতে ঊৰ্বশীয়ে লাইট আৰু নেচাৰেল মেকআপ কৰিছে।

নিউড পিংক লিপষ্টিক, আইশ্বেড’, আইলাইনাৰ আৰু মাস্কাৰা কোটৰ সৈতে তেওঁ নিজৰ মেকআপ লুক আৰু বিশেষ কৰি তুলিছে। ঊৰ্বশীয়ে নিজৰ এই লুকৰ সৈতে কাৰ্লি চুলি খুলি ৰাখিছে যাৰ বাবে অধিক ধুনীয়া লাগিছে।ঊৰ্বশীৰ এই ৰূপক প্ৰশংসা কৰিছে অনুৰাগীয়ে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘ঠাণ্ডাত জুই’। অৱশ্যে ঊৰ্বশীৰ এনেধৰণৰ গ্লেমাৰাছ লুক ভাইৰেল হোৱা এয়া প্ৰথম নহয়।

Post a Comment

Previous Post Next Post