সংঘাতৰে নতুন বছৰ আৰম্ভ কৰিব বিচাৰিছে ৰঙা চীনে! অৰুণাচলৰ নদী



ভাৰতৰ অবিচ্ছেদ অংগ অৰুণাচল প্ৰদেশৰ ওপৰত লোলুপ দৃষ্টিৰ পৰিক্ৰমা বাহাল ৰাখিছে চুবুৰীয়া চীন দেশে। বৃহস্পতিবাৰে দেশখনৰ অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ে অৰুণাচল প্ৰদেশৰ ১৫ স্থানৰ নামাকৰণ মাণ্ডাৰীণ ভাষাত কৰি দেশখনৰ মানচিত্ৰত অন্তৰ্ভুক্ত কৰিছে। বেইজিঙৰ পূৰ্বৰে পৰি চলি অহা অৰুণাচলক দেশখনৰ অংশ হিচাপে গণ্য কৰাৰ বিদেশ নীতিৰ অধীনতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল বুলি জানিব পৰা গৈছে।


চীনৰ এই পদক্ষেপৰ ইতিমধ্যে প্ৰত্যুত্তৰ দিছে ভাৰতৰ বিদেশ মন্ত্ৰণালয়ে । মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয় – “নাম দি দিলেই সত্য সলনি নহয়; আৰু সত্যটো হৈছে অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ। এয়া প্ৰথমবাৰৰ কাৰণে নহয়; ২০১৭চনৰ এপ্ৰিল মাহটো চীনে এনে কাম কৰিছিল ।“

উল্লেখযোগ্য যে, ২০১৭ চনত মানচিত্ৰত ৰাজ্যখনক ঝাংনান নাম দি অন্তৰ্ভুক্ত কৰিছিল । লগতে ৬ আন স্থানক এক পক্ষীয় ভাৱে চীনৰ ভাষাত নামকৰণ কৰিছিল। তিব্বতৰ আধ্যাত্মিক নেতা ডালাই লামাৰ অৰুণাচল ভ্ৰমণৰ পিছত চীনে এই পদক্ষেপ গ্ৰহণ কৰিছিল।

এইবাৰ দেশখনে নতুন সীমা আইন প্ৰণয়ন কৰাৰ প্ৰাকমুহূৰ্তত বিমান পৰিবহণ মন্ত্ৰণালয়ে নতুন মানচিত্ৰ মুকলি কৰি অৰুণাচলৰ ১৫স্থানৰ মাণ্ডাৰিন ভাষাত নাম দি অন্তৰ্ভুক্ত কৰিছে । এই ১৫স্থানৰ ভিতৰত আছে ৮ আৱাসিক অঞ্চল, চাৰিখন পাহাৰ আৰু দুখন নদী। চেলা পাচৰো নতুন নাম দিছে চীন চৰকাৰে ।

জানুৱাৰী ১ তাৰিখৰ পৰা চীনৰ নতুন সীমা আইন কাৰ্যকৰী হ’ব। নতুন আইনে চীনা সেনাক সীমা সংঘাত প্ৰতিহত কৰিবলৈ অধিক ক্ষমতা প্ৰদান কৰিছে। কেৱল মাণ্ডাৰীণ ভাষাতে নহয়, তিব্বতৰ ভাষা আৰু ৰোমান লিপিটো চীনে নামবোৰ প্ৰকাশ কৰিছে । স্থান সমূহৰ অক্ষাংশ আৰু  দ্ৰাঘিমাংশও উল্লেখ কৰি দিয়া হৈছে।

Post a Comment

Previous Post Next Post