বৈষ্ণোদেৱী মন্দিৰত পদপিষ্টৰ ঘটনা, ১২ জনৰ মৃত্যু, ১৩ জন গুৰুতৰ ভাবে আহত



 জম্মু-কাশ্মীৰৰ ত্ৰিকুটা পাহাৰৰ ওপৰত থকা বিখ্যাত মাতা বৈষ্ণোদেৱী মন্দিৰত নৱবৰ্ষৰ প্ৰথম দিনটোত ভক্তৰ প্ৰচণ্ড ভিৰৰ পৰিলক্ষিত হয়। ভিৰত পদপিষ্ট হৈ কমেও ১২ জন লোকৰ মৃত্যু হয়। লগতে কেইবাজনো লোক আহত হৈছে। শুকুৰবাৰে মাজনিশাৰ পৰা হঠাত্ ভীৰ বাঢ়ি গৈছিল মন্দিৰ ভৱনত।


এগৰাকী চৰকাৰী বিষয়াই কৈছে যে, নতুন বছৰৰ প্ৰথমদিনটোত মাৰ চৰণত সেৱা জনোৱাৰ বাবে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছিল। পৰিস্থিতি এটা সময়ত নিয়ন্ত্ৰণৰ বাহিৰত যায় আৰু পদপিষ্টৰ ঘটনা সংঘটিত হয়।

ঘটনাৰ আহত হোৱা সকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাত দুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰাজ্যপাল মনোজ সিনহা আৰু কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিং আৰু নিত্যানন্দ ৰায়লৈ ফোন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘটনাৰ সবিশেষ লৈছে।

Post a Comment

Previous Post Next Post