দেশত দ্ৰুত হাৰত বাঢ়িছে কোভিডৰ সংক্ৰমণ। দেশত কোৰোণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগতে যোৱা ২৪ ঘণ্টাত অমিক্ৰণৰ দৈনিক সংক্ৰমণো (Omicron India Update) একে হাৰত বৃদ্ধি পাইছে। এতিয়ালৈকে, দেশৰ ২৩ খন ৰাজ্য কোভিডৰ অমিক্ৰণ ভেৰিয়েণ্টৰ সংক্ৰমণৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে (Omicron India Update)।
যদিও অসমত এতিয়ালৈকে অতিক্ৰণৰ সংক্ৰমণ ধৰা পৰা নাই, তথাপিও এতিয়া এইক্ষেত্ৰত অত্যন্ত সতৰ্কতা অৱলম্বন কৰিছে ৰাজ্য চৰকাৰে। কোভিড ভেকচিনৰ সন্দৰ্ভত সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।মন্ত্ৰীগৰাকীয়ে কয় যে, 'উপায়ুক্ত সকলক দায়িত্ব দিয়া হৈছে। ৭ দিনৰ ভিতৰত সকলো শিক্ষানুষ্ঠানতে ভেকচিনেশ্যন কাৰ্যসূচী সমাপ্ত কৰা হ'ব। মাৰ্চৰ পৰীক্ষাৰ পূৰ্বে দুয়ো পালি ভেকচিন দিয়া হ'ব। ব্যক্তিগত, চৰকাৰী সকলো শিক্ষানুষ্ঠানতে দিয়া হ'ব ভেকচিন।'
আকৌ ৰাজ্যত বন্ধ হ'ব নেকি শিক্ষানুষ্ঠান?
দেশথ আকৌ দ্ৰুতগতিত বাঢ়িছে কোৰোণাৰ সংক্ৰমণৰ ঘটনা। বিগত দহ দিনত পশ্চিম বংগ, মহাৰাষ্ট্ৰ সকলোতে অস্বাভাৱিক হাৰত বৃদ্ধি হৈছে কোভিড আক্ৰান্তৰ সংখ্যা। এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, 'অমিক্ৰণকলৈ আমি alert হৈ আছো। ইয়াক লৈ ভয় খোৱাৰ প্ৰয়োজন নাই। সাৱধান হওক। স্কুল-কলেজ বন্ধ নহয়। ১০০০ ICU bed সাজু হৈ আছে। ৯০০০ বিচনা সাজু হয় আছে। একেদিনাই ২৫,০০০ বিচনা সাজু কৰিব পৰা ব্যৱস্থা আছে। আমি সম্পূৰ্ণ সাজু কোভিডৰ পৰিৱেশৰ বাবে।'