দক্ষিণৰ ছুপাৰষ্টাৰ ধনুষে কৰিলে বিবাহ বিচ্ছেদৰ ঘোষণা



 দক্ষিণৰ ছুপাৰষ্টাৰ ধনুষে (Dhanush) পত্নী ঐশ্বৰ্য (Aishwaryaa )ৰ সৈতে বিবাহ বিচ্ছেদৰ ঘোষণা কৰিছে। আজি এটা টুইট কৰি ধনুষে বিবাহ বিচ্ছেদৰ ঘোষণা কৰে। ১৮ বছৰীয়া বৈবৈহিক জীৱনত একেলগে বন্ধু, দম্পতী আৰু অভিভাৱক হিচাপে কটোৱা সময়খিনিৰ বাবে পত্নী ঐশ্বৰ্যক কৃতজ্ঞতা জনাই বিবাহ বিচেছেদৰ ঘোষণা কৰে।

উল্লেখ্য যে ধনুষৰ পত্নী হৈছে দক্ষিণৰ কেংবদন্তি তাৰকা অভিনেতা ৰজনীকান্ত (Rajnikant)ৰ কন্যা। ২০০৪ চনৰ ১৮ নৱেম্বৰত বিবাহপাশত আবদ্ধ হৈছিল ধনুষ আৰু ঐশ্বৰ্য। ছুপাৰষ্টাৰ ৰজনীকান্তৰ জ্যেষ্ঠ কন্যা ঐশ্বৰ্য নিজে এগৰাকী গায়িকা আৰু পৰিচালক।

Post a Comment

Previous Post Next Post