কপিল শৰ্মাৰ জীৱনক লৈ নিৰ্মাণ হ'ব ছবি; দেশৰ সৰ্বাধিক জনপ্ৰিয় কমেডিয়ানজনৰ ছবিৰ নাম 'ফনকাৰ'


 

দেশৰ সৰ্বাধিক জনপ্ৰিয় কমেডিয়ান কপিল শৰ্মা (Kapil Sharma)ৰ জীৱনৰ আধাৰত অচিৰেই নিৰ্মাণ হ'ব ছবি। কৌতুক অভিনেতা কপিল শৰ্মাৰ জীৱনৰ নিৰ্মাণ হ'বলগীয়া বায়োপিক (Kapil Sharma Biopic)ত কাম আগবাঢ়িছে। প্ৰযোজক মাহাবীৰ জৈনে শুকুৰবাৰে লাইকা প্ৰডাকচনৰ অধীনত কপিল শৰ্মাৰ জীৱনৰ ওপৰত এখন মনোৰম চলচ্চিত্ৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। চলচ্চিত্ৰখনৰ শিৰোনাম হৈছে 'ফনকাৰ' (Funkaar)। চিনেমাখন 'ফুকৰে' (Fukrey)খ্যাত মৃঘদীপ সিং লাম্বা (Mrighdeep Singh Lamba)ই পৰিচালনা কৰিব।


বৰ্তমান ফুকৰে-৩ (Fukrey 3)ৰ কাম কৰি থকা পৰিচালক মৃঘদীপ সিং লাম্বাই কয় , "ভাৰতৰ আটাইতকৈ প্ৰিয় ফনকাৰ কপিল শৰ্মাৰ কাহিনী দৰ্শকৰ ওচৰলৈ অনাৰ বাবে আগবাঢ়িছোঁ।" লাইকা প্ৰডাকচন আৰু প্ৰযোজক মহাবীৰ জৈনেও সম্প্ৰতি ৰাম সেতুৰ বাবে অক্ষয় কুমাৰ (Akshay Kumar)ৰ সৈতে; সঞ্জয় লীলা বঞ্চালী (Sanjay Leela Bansali) এখন বিশেষ চলচ্চিত্ৰ মন বৈৰাগী; জাহ্নৱী কাপুৰ (Jahnvi Kapoor) অভিনীত গুড লাক জেৰীৰ বাবে আনন্দ এল ৰায়ৰ সৈতে আৰু বিশ্বনাথন আনন্দ (Vishwanathan Anand)ৰ ওপৰত এখন জীৱনীমূলক ছবিৰ কামত সহযোগ কৰি আছে।

মাহাৱীৰ জৈনে লগতে কয়, "কপিল শৰ্মাৰ সৌজন্যত কোটি কোটি লোকে তেওঁলোকৰ দৈনিক ডোপামিনৰ পালি লাভ কৰে। আমাক সকলোকে প্ৰেম, জীৱন আৰু হাঁহিৰ প্ৰয়োজন। আমি কমেডী ছুপাৰষ্টাৰ কপিল শৰ্মাৰ অকথিত কাহিনী ডাঙৰ পৰ্দাত ডাঙৰকৈ উপস্থাপন কৰিবলৈ পাই গৌৰৱান্বিত।"

ইফালে কপিল শৰ্মাৰ প্ৰথম কমেডী বিশেষ ষ্টেণ্ড-আপ শ্বো "কপিল শৰ্মা: আই এম নট ডন ইয়েট" (Kapil Sharma: I’m Not Done Yet) ২৮ জানুৱাৰীত প্ৰিমিয়াৰ হ'বলৈ সাজু হৈছে। নেটফ্লিক্সত ষ্ট্ৰীমিং হ'ব এই শ্বোটোৰ।

"অমৃতসৰৰ ৰাস্তাৰ পৰা মুম্বাইৰ ছেটলৈকে, কপিল শৰ্মাই দীৰ্ঘ সময়ৰ পৰা আমাক মনোৰঞ্জন দি আহিছে, কিন্তু এতিয়াও তেওঁৰ হাঁহিৰ ভাণ্ডাৰ খালী হোৱা নাই।" আমাৰ প্ৰিয় কৌতুক অভিনেতাজনে আপোনাৰ ধেমেলীয়া মনটোক সুৰসুৰণি দিবলৈ সাজু হৈছে। এইবাৰ নেটফ্লিক্স (Netflix) ষ্ট্ৰীমিঙত প্ৰথম কমেডী বিশেষত আত্মপ্ৰকাশ কৰিব কপিল শৰ্মাই," নেটফ্লিক্সৰ এটা টোকাত এইদৰে লিখা হৈছে।

Post a Comment

Previous Post Next Post