কেৱল ‘ইণ্ডিয়ান মডেল’ বুলি কোৱাক লৈ ক্ষোভ তনুশ্ৰী দত্তৰ


 

তনুশ্ৰী দত্ত বলীউদৰ পৰা দীৰ্ঘদিন ধৰি আঁতৰি আছে। তেওঁ অধিক সময় আমেৰিকাত থাকে, কিন্তু তেওঁ প্ৰায়ে নিজৰ ফটো আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰি থাকে। তনুশ্ৰী দত্তই কেইবাবাৰো বিতৰ্কৰো চিকাৰ হৈছে। তনুশ্ৰী দত্তই যদিও দীৰ্ঘ সময় ধৰি খবৰৰ পৰা দূৰত আছে, কিন্তু শেহতীয়াকৈ পুনৰ চৰ্চালৈ আহিছে। আচলতে, তেওঁ নিজৰ উইকিপিডিয়া প্ৰফাইল আধৰুৱা হোৱাৰ অভিযোগ কৰিছে। লগতে তেওঁ নিজৰ এচিভমেণ্টৰ বিষয়েও কৈছে।


তনুশ্ৰী দত্তই ইনষ্টাগ্ৰামত নিজৰ এখন ফটো শ্বেয়াৰ কৰি এক দীঘলীয়া কেপচন লিখিছে। তেওঁ কেপচনত লিখিছে, ‘হেল্ল’ বন্ধুসকল কথাটো এনেকুৱা যে যিয়ে মোক দীৰ্ঘদিন ধৰি হাৰাশাস্তি কৰি আহিছে। এয়া মোৰ উইকিপিডিয়া প্ৰফাইল। ইয়াত মোৰ বিষয়ে বহু কিবাকিবি ভুল লিখা হৈছে আৰু লগতে মোক কেৱল ইণ্ডিয়ান মডেল বুলি কোৱা হৈছে। মোৰ এচিভমেণ্টবোৰো কম কৰা হৈছে। মই সলনি কৰাৰ চেষ্টা কৰিছিলো কিন্তু আকৌ পুনৰ সেয়াই আহিছে।’’ তেওঁ আগলৈ কয়, ‘‘মই এগৰাকী মিছ ইণ্ডিয়া ইউনিভাৰ্ছ আৰু বলীউদ অভিনেত্ৰী, তাৰকা। নাজানো কিয় মোক ‘ইণ্ডিয়ান মডেল’ কোৱা হৈছে।

তেওঁ লিখিছে, ‘যেতিয়া মানুহে কাম–পুৰস্কাৰ আদিৰ বাবে এক ৰাজহুৱা ব্যক্তিক গুগলত চায় তেতিয়া প্ৰথম বস্তু এইটো আৰু মোৰ এই প্ৰফাইল আজৱ আৰু বকৱাছ। কল্পনা কৰক যে কেৱল এটা জীৱনত ইমান কিবাকিবি কৰাৰ পিছত মোৰ এক সঠিক উইকিপিডিয়া প্ৰস্তুতিও হ’ব নোৱাৰে। এনেও মই এনে ধৰণৰ আজৱ বস্তুৰ সৈতে মোৰ জীৱন চাব এৰি দিছো। এনেকুৱা লাগে যে এই সন্দৰ্ভত মই একো কৰিব নোৱাৰো। যদি কোনোৱে সহায় কৰিব পাৰে তেন্তে অনুগ্ৰহ কৰি কৰক... কিন্তু... মই ভাবো যে ২০২২ত মোৰ বাবে বহু ভাল আৰু আশ্বৰ্যজনক বস্তু হ’বলৈ গৈ আছে।

Post a Comment

Previous Post Next Post