ভাৰতত কোৰোণা ভাইৰাছৰ সংক্ৰমণত ক্ৰমান্বৰে বাঢ়ি গৈ আছে। প্ৰতিদিনে দুই লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে কোৰোণাত। ভেকচিনকেই এই মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ প্ৰধান অস্ত্ৰ বুলি বিবেচনা কৰা হৈছে। কিন্তু দুয়োটা ডোজ লোৱা লোকোৰ দেহতো ধৰা পৰিছে কোভিডৰ সংক্ৰমণ। কিন্তু ভেকচিনে কোভিডৰ জটিলতাৰ পৰা ৰক্ষা কৰিছে জনসাধাৰণক। লগতে হাস্পতালত ভৰ্তি হোৱা ৰোগীৰ লগতে মৃত্যুৰ সংখ্যাও হ্ৰাস কৰিছে।
টাইমছ অৱ ইণ্ডিয়াৰ ৰিপৰ্ট মতে, বিশেষজ্ঞই কৈছে যে, ভেকচিন লোৱাৰ পিছত জনসাধাৰণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈছে। যিয়ে ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিছে। কিন্তু ভেকচিন নোলোৱাসকল কোৰোণাত আক্ৰান্ত হোৱাৰ লগতে অধিক জটিলতাৰ সন্মুখীন হৈছে।
কোভিডৰ টিকাই SARs-COV-2 ভাইৰাছৰ বিৰুদ্ধে নিশ্চিত স্তৰত সুৰক্ষা প্ৰদান কৰিছে। অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে, আংশিক আৰু সম্পূৰ্ণ ৰূপে টিকাকৰণ কৰোৱা ব্যক্তিও কোৰোণাত আক্ৰান্ত হ'ব পাৰে। কোৰোণা ভেকচিন লোৱা লোক যদি আক্ৰান্ত হৈছে, তেন্তে asymptomatic হিচাপে থাকে আৰু দেঙত সাধাৰণ লক্ষণ বিকশিত হয়।
অধ্যয়নত স্পষ্ট হৈ পৰিছে যে, কোৰোণাৰ অমিক্ৰণ ভেৰিয়েণ্ট ডেল্টাৰ তুলনাত পাতল। ডাক্তৰে কোৱা মতে, অধিকাংশ ৰোগীৰ চৰ্দিৰ দৰে লক্ষণ ধৰা পৰিছে আৰু নিজে নিজে ঠিক হৈছে। ডিঙিৰ খচখচনিৰ উপৰিও অমিক্ৰণত অন্য লক্ষণসমূহ যেনে- ভাগৰ লগা, জ্বৰ, শৰীৰৰ বিষ, ভোক নলগাও আছে। কিন্তু ডেল্টা ভেৰিয়েণ্টৰ লক্ষণ যেনে, গোন্ধ নোপোৱা, সোৱাদ নোপোৱা আদি অমিক্ৰণত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত দেখিবলৈ পোৱা নাই।
কোৰোণাৰ দুয়োটা ডোজ ভেকচিন লোৱা লোক অমিক্ৰণত আক্ৰান্ত হোৱাৰ পিছত ডিঙিৰ খচখচনিৰ সমস্যাত ভুগিছে। চিকাগোৰ ডিপাৰ্টমেণ্ট অৱ পাব্লিক হেলথ কমিশ্যনৰ ডা০ এলিচন অৰৱাডীয়ে কৈছে যে, ভেকচিনৰ দুয়োটা ডোজ লোৱা লোকে ডিঙিৰ খচখচনিৰ দৰে যিকোনো লক্ষণক কেতিয়াও অবহেলা কৰিব নালাগে।