কনিষ্টবল নিযুক্তিক লৈ বঞ্চিত প্ৰাৰ্থীৰ প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে DGP ভাস্কৰজ্যোতি মহন্তই। আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে এই সমগ্ৰ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু নিকাভাৱে সম্পন্ন হৈছে। এই বিষয়ক লৈ আজি State Level Police Requirement Board চমুকৈ SLRBৰ সৈতে বৈঠক আহ্বান কৰিছে DGPয়ে। এজন এজন প্ৰাৰ্থীয়ে সংৰক্ষিত পদৰ দুয়োটা শাখাত উত্তীৰ্ণ হৈছে। যাৰ বাবে বহুক্ষেত্ৰত ৫ গুণ প্ৰাৰ্থীক লিখিত পৰীক্ষাৰ বাবে নিৰ্বাচিত কৰিব পৰা নাই। প্ৰায় ১০ হাজাৰ পদত এনেধৰণৰ হৈছে।
উল্লেখযোগ্য যে আজি উলুবাৰীৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰিছিল কনিষ্টবল নিযুক্তিৰ ক্ষেত্ৰত বঞ্চিত প্ৰাৰ্থীসকলে। প্ৰতিবাদ কৰা প্ৰাৰ্থীসকলে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল। যোগ্য প্ৰাৰ্থী বঞ্চিত হোৱাৰ অভিযোগ তুলি ক্ষুব্ধ প্ৰাৰ্থীসকলে সাব্যস্ত কৰিছিল প্ৰতিবাদ।