বৰাকৰ কোনো কংগ্ৰেছ-AIUDFৰ বিধায়কে যোগ নিদিয়ে BJPত


 

চৰ্ত সাপেক্ষে দলৰ মজিয়াত বিধায়ক শ্বেৰমান আলি আহমেদ থাকিব লাগিব বুলি কংগ্ৰেছে ঘোষণা কৰাৰ পিছত দল এৰিবলৈ সাজু হোৱা শ্বেৰমানক লৈ শুকুৰবাৰে বিশেষ মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷ লগতে শ্বেৰমানৰ বাবে দুৱাৰ খোলা আছে বুলি ঘোষণা কৰে AIUDFয়ে ৷ ইপিনে বৰাকৰ কোনো কংগ্ৰেছ তথা AIUDFৰ বিধায়কে BJPত যোগ দিয়াৰ সম্ভাৱনা নাই বুলি শিলচৰত সদৰি কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷


"শাসকীয় BJPলৈ বিৰোধীৰ আৰু কোন কোন বিধায়ক যাব?”-- শেহতীয়াকৈ এনেবোৰ প্ৰশ্নই ৰাজ্যৰ ৰাজনীতিত তোলাপাৰ লগাইছে ৷ বিৰোধী কংগ্ৰেছ অথবা AIUDF, কিম্বা BPFৰ বিধায়কে শাসকীয় BJPত যোগ দিয়াৰ সম্ভাৱনাৰ সন্দৰ্ভত সততে চলা আলোচনাৰ মাজতে শুকুৰবাৰে শিলচৰত মুখ্যমন্ত্ৰী  ড° হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক বিশেষ মন্তব্য ৷ মুখ্যমন্ত্ৰী ড° শৰ্মাই ক'লে- “বৰাকৰ কোনো কংগ্ৰেছ-AIUDFৰ বিধায়কে BJPত যোগ দিয়াৰ সম্ভৱনা নাই ৷ BJPত যোগ নিদিলেও BJPৰ সৈতে থাকিব বন্ধু হিচাপত ৷”ইপিনে দলত থাকিবলৈ হ'লে সংখ্যালঘুৰ হৈ মাত মাতিব নোৱাৰিব বুলি হেনো কংগ্ৰেছে চৰ্ত আৰোপ কৰিছে বিধায়ক শ্বেৰমান আলি আহমেদক ৷ কিন্তু কংগ্ৰেছৰ চৰ্ত মানিবলৈ প্ৰস্তুত নহয় দলৰ পৰা নিলম্বিত হৈ থকা শ্বেৰমান ৷

শ্বেৰমান আলি আহমেদৰ এই দাবী সন্দৰ্ভত শুকুৰবাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই দিলে বিশেষ ইংগিত ৷ শইকীয়াই ক'লে- ”দলীয় নীতি-নিৰ্দেশ অমান্য দলৰ মজিয়াত কোনো কৰিব নোৱাৰিব ৷”

বিধায়ক শ্বেৰমানে কংগ্ৰেছ এৰি ক'লৈ যাব? ইতিমধ্যে পুৰণি ঘৰ AIUDFলৈ উভতি যোৱাৰ বাবে প্ৰস্তুতি চলাইছে বাঘবৰৰ বিধায়ক শ্বেৰমানে ৷ এই সন্দৰ্ভত AIUDFৰ জেষ্ঠ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে দিলে সেউজ সংকেত ৷ ড° ইছলামে ক'লে- “কেৱল শ্বেৰমানৰ বাবেই নহয়, AIUDFৰ দুৱাৰ সকলোৰে বাবে খোলা আছে ৷ সংখ্যালঘুৰ হৈ মাত মাতিব নোৱাৰিব বুলি কংগ্ৰেছৰ দৰে পুৰণি দলে চৰ্ত আৰোপ কৰাতো অতি দুৰ্ভাগ্যজনক ৷”

Post a Comment

Previous Post Next Post