পৰিবহণ বিভাগৰ কৰ্মচাৰীৰ বাবে ৩১ জানুৱাৰী পৰ্যন্ত নাথাকিব কোনো ধৰণৰ ছুটি। প্ৰতিটো জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় খোলা থাকিব ৩১ জানুৱাৰী পৰ্যন্ত। আনকি ২২ জানুৱাৰীৰ চতুৰ্থ শনিবাৰ আৰু দেওবাৰেও খোলা থাকিব কাৰ্যালয়। পৰিবহণ আযুক্তই জাৰি কৰিছে এই কঠোৰ নিৰ্দেশনা।আনকি এই সময়ছোৱাত কোনো কৰ্মচাৰীয়ে ছুটিও লব নোৱাৰিব। ৰাজহ সংগ্ৰহৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে।