কলিয়াবৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এখন সংবাদমেলযোগে ঘোষণা কৰিলে ৰাজ্যৰ বাবে নতুন SOP। দেশত ক'ৰোনাৰ নতুন ভেৰিয়েণ্ট অ'মিক্ৰণৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত ঘোষণা কৰা হৈছে নতুন SOP। যদিও আজিৰ তাৰিখলৈকে ৰাজ্যখনত কোনো লোক অ'মিক্ৰণত আক্ৰান্ত হোৱাৰ তথ্য অহা নাই তথাপি আগতীয়া সতৰ্কতা হিচাপে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ।
নতুন SOP অনুসৰি কাইলৈ পৰা নিশা চাৰে ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ বাহাল থাকিব নৈশ সান্ধ্য আইন। নতুন SOP অনুসৰি মানিব লাগিব এনেবোৰ নিয়ম-২৬ ডিচেম্বৰৰ পৰা নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ জাৰি।
-অৱশ্যে ৩১ ডিচেম্বৰৰ দিনটো ৰেহাই দিয়া হৈছে নৈশ সান্ধ্য আইনৰ পৰা।
-নিশা চাৰে ১০.৩০ বজাত বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, হোটেল ধাবা।
-চিনেমা হল, হোটেলত অনুমতি প্ৰদান কৰা হৈছে মাত্ৰ ৫০ শতাংশ লোকক। দুপালি ভেকচিন লোৱা লোককহে অনুমতি চিনেমা হলত।
-মাস্ক নিপিন্ধা লোকৰ ওপৰত কাইলৈৰ পৰা অভিযান আৰম্ভ, ভৰিব লাগিব জৰিমনা।
- সভা-সমিতিত ৫০ শতাংশ লোকৰ বাবে আসন।
-শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত পূৰ্বতে জাৰি কৰা নিয়ম থাকিব।
-ধৰ্মীয় অনুষ্ঠানত এঘণ্টাত ৬০জন ভক্তৰ প্ৰৱেশত দিয়া হৈছে অনুমতি।
-এসপ্তাহৰ ভিতৰত সকলো হাস্পতালক সাজু হ'বলৈ নিৰ্দেশ।
-অ'মিক্ৰণক লৈ চৰকাৰে সকলো সাৱধানতা অৱলম্বন কৰিছে।