কোৰোণাত আক্ৰান্ত কৰিনা কাপুৰ কেনে আছে? বৰ্তমান স্বাস্থ্যৰ অৱস্থা কি কৰিনাৰ?


 

বৃহস্পতিবাৰে কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ ১২ দিন হ’ল কৰিনা কাপুৰ খানৰ (Kareena Kapoor)। ইনষ্টাগ্ৰাম ষ্টৰীত অভিনেত্ৰীগৰাকীয়ে নিজেই শ্বেয়াৰ কৰিছে শাৰীৰিক অৱস্থাৰ কথা (Kareena Kapoor Health Update)। পায়জামা পিন্ধি ঘৰুৱা পোছাকৰ সৈতে ৰঙা লিপষ্টিক লগাই নিজকে ৰঙীন কৰি তুলিছে অভিনেত্ৰীগৰাকীয়ে। প্ৰথম পোষ্টত নায়িকাগৰাকীয়ে লিখিছে, ‘মই এতিয়াও এই কথা বুজাৰ চেষ্টা কৰিছো যে মই এতিয়াও কোৰোণাৰ সময়তে আছো নে নাই... যি নহওক, ১২ দিন... আৰু দুদিন বাকী... সকলোৱে সাৱধানে থাকক।’ তাৰ পিছত পুনৰ নিজৰ পাউট কৰা ওঁঠৰ ফটো শ্বেয়াৰ কৰি কৰিনাই লিখিছে, ‘পায়জামা, লিপষ্টিক আৰু পাউট... সুন্দৰ কম্বিনেশ্যন... চেষ্টা কৰক।’


কৰিনাৰ পোষ্ট দেখি বুজা গৈছে, কোৰোণাৰ সৈতে যুঁজত জয়ী হৈছে নায়িকাগৰাকীয়ে। ১২ দিনৰ ভিতৰত তেওঁ যে বহুখিনি সুস্থ হৈ উঠিছে, সেই কথাই জনাইছে পোষ্টৰ জৰিয়তে। তদুপৰি নিজে কোৱাৰেণ্টাইন হৈ থকাৰ সময়ত সাজি–কাচি এনে ইতিবাচক ভাৱত থকাৰ ফটো দি অনুৰাগীক নিজৰ শাৰীৰিক অৱস্থাৰো বুজ দিছে অভিনেত্ৰীগৰাকীয়ে। বিগত সপ্তাহত কৰণ জোহৰৰ ঘৰৰ পৰা উভতি অহাৰ পিছত কৰিনা আৰু কেইবাজনো ঘনিষ্ঠ বন্ধু কোৰোণাত আক্ৰান্ত হয়। তালিকাত আছে, অমৃতা আৰোৰা, সীমা খান আৰু মহীপ কাপুৰ। কৰণ অৱশ্যে কোৰোণা নিগেটিভ।বিগত সপ্তাহৰ সোমবাৰে কৰিনাই ছচিয়েল মিডিয়াত কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰ শ্বেয়াৰ কৰিছিল। তাৰ পিছতে ঘৰৰ চাৰিবেৰৰ মাজত আ‍দ্ধ হৈ পৰিছিল কৰিনা। ডাঙৰ পুত্ৰ তৈমুৰ জন্মদিন আছিল ২০ ডিচেম্বৰত। সেইদিনাও ছচিয়েল মিডিয়াত তৈমুৰৰ প্ৰথম খোজ কঢ়াৰ ভিডিঅ’ পোষ্ট কৰিছিল। বৰ্তমান ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে কৰিনা। ১৪ দিন সাধাৰণতে কোৱাৰেণ্টাইনৰ সময়। তাৰ পিছতে পুনৰ পৰীক্ষা কৰাব কৰিনাই।


Post a Comment

Previous Post Next Post