কংগ্ৰেছৰ PSO সংস্কৃতি ত্যাগ কৰিবলৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানক প্ৰসংশা কৰে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ তথা নলবাৰী বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক জয়ন্ত মল্ল বৰুৱাই। কংগ্ৰেছে অসমত শীঘ্ৰে বিৰোধী দলৰ মৰ্য্যদা হেৰুৱাব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই।
বিজেপি বিধায়কগৰাকীয়ে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈকো সমালোচনা কৰে। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই শনিবাৰে বহুকেইটা প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে News18ৰ সন্মুখত। কংগ্ৰেছ সম্পৰ্কত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবগৰাকীয়ে কৰে তাৎপৰ্যপূৰ্ণ মন্তব্য।
জয়ন্ত মল্ল বৰুৱাৰ মতে কংগ্ৰেছ দলে অসমত শীঘ্ৰে হেৰুৱাব বিৰোধী দলৰ মৰ্য্যদা। ২০২১ চনৰ পঞ্চদশ বিধান সভা নিৰ্বাচনত ২৯ খন আসন পাইছিল কংগ্ৰেছ দলে। য'ত থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাই আৰু মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ দলত্যাগৰ পিছত সেই সংখ্য হ্ৰাস হৈ হল ২৭ খন। এতিয়া আকৌ শ্বেৰমান, শশীকান্তকলৈ সংকটত কংগ্ৰেছ। ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ মতে আকৌ ৪/৫ জন কংগ্ৰেছী বিধায়কে দলত্যাগ কৰিবলৈ সাজু। সেয়ে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ জয়ন্ত মল্ল বৰুৱাৰ বাক্যবান "কংগ্ৰেছে অসমত শীঘ্ৰে হেৰুৱাব বিৰোধী দলৰ মৰ্য্যদা"।
ইফালে কংগ্ৰেছৰ PSO সংস্কৃতি ত্যাগ কৰিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে জনোৱা আহ্বানক প্ৰসংশা কৰে মুখ্যমন্ত্ৰীৰে ৰাজনৈতিক সচিৱ তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱাৰ মতে বহুতেই PSOক ষ্টেটাছ চিম্বল হিচাপে ব্যৱহাৰ কৰে। এতিয়াও বহুতে PSO বিচৰি অসুবিধা কৰি আছে বুলি কয় জয়ন্ত মল্ল বৰুৱাই।
শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈ সম্পৰ্কতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জয়ন্ত মল্ল বৰুৱাই। "অখিল গগৈ অল্প বিদ্যা ভয়ংকৰী" অখিল গগৈৰ বিধান সভা সম্পৰ্কে কোনো জ্ঞান নাই কিন্তু তেওঁ বহুত জনা দেখুৱায়। এই মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ।