উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচন ২০২২ৰ পূৰ্বে আয়কৰ বিভাগে কানপুৰত দুই বিয়াগোম ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলায়। সমাজবাদী পাৰ্টীৰ সৈতে জড়িত নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পিছত এতিয়া আয়কৰ বিভাগৰ দলে আতৰৰ ব্যৱসায়ী পীয়ুষ জৈন আৰু পান মছালাৰ ব্যৱসায়ী কেকে আগ্ৰৱালৰ ঘৰ আৰু কাৰ্যালয়ত অভিযান চলাই বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। কেৱল পীয়ুষ জৈনৰ পৰাই প্ৰায় ১৬০ কোটি টকা জব্দ কৰা হৈছে আৰু ২৪ ঘণ্টা ধৰি এতিয়াও অভিযান অব্যাহত আছে।
কোৱা হৈছে যে কানপুৰৰ জুহি থানাৰ অন্তৰ্গত আনন্দপুৰীৰ বাসিন্দা ব্যৱসায়ী পীয়ুষ জৈনৰ ঘৰৰপৰা এতিয়ালৈ ১৬০ কোটিৰো অধিক টকা জব্দ কৰিছে আয়কৰ বিভাগে। অৱশ্যে এতিয়াও প্ৰকৃত পৰিমাণ পোহৰলৈ অহা নাই। এতিয়ালৈ স্পষ্ট হোৱা নাই যে কেকে আগৰৱালৰ ঘৰৰ পৰা কিমান টকা জব্দ কৰা হৈছে। অভিযানকাৰী দলে টকা গণনা কৰা মেচিনেৰে এই বৃহৎ পৰিমাণৰ ধনৰ হিচাপ অব্যাহত ৰাখিছে। টকা গণিবলৈ এছবিআইৰ বিষয়াৰ সহায় লোৱা হৈছে। আইটিৰ সৈতে আহমেদাবাদৰ পৰা অহা ডিজিজিআইৰ দলো এই অভিযানত অংশগ্ৰহণ কৰে।
কেইবাখনো ভুৱা ফাৰ্মৰ নামত বিল বনাই কোম্পানীয়ে কোটি কোটি টকাৰ জিএছটি চুৰি কৰাৰ অভিযোগ উঠিছে। পীয়ুষৰ ঘৰৰ পৰা ২০০ৰো অধিক ভুৱা ইনভইচ আৰু ই–ৱে’ বিল জব্দ কৰা হৈছে। পীয়ুষ জৈনৰ ঘৰলৈ বৃহৎসংখ্যক বাকচ অনাৰ ব্যৱস্থা কৰা হৈছে যাতে এই টকাসমূহ ৰাখিব পৰা যায়। টকা গণিবলৈ ব্যৱহাৰ কৰা হৈছে ৬টাকৈ মেচিন।
আনহাতে, এই ঘটনাক লৈ সমাজবাদী পাৰ্টীৰ মিডিয়া কনচালটেণ্ট আশিস যাদৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ টুইট কৰি কয় যে কানপুৰৰ ব্যৱসায়ীৰ ঘৰত চলা অভিযানৰ সৈতে সমাজবাদী পাৰ্টীৰ কোনো সম্পৰ্ক নাই। সমাজবাদী পাৰ্টীৰ সৈতে ব্যৱসায়ীজনৰ কোনো সম্পৰ্ক নাই। কানপুৰৰ এই অভিযানৰ সৈতে সমাজবাদী পাৰ্টীক সাঙোৰাতো উচিত নহয়।

Tags:
National