বিশ্বজুৰি এতিয়া আতংকৰ সৃষ্টি কৰিছে কোৰোণাৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰণে। প্ৰতিদিনে বাঢ়িছে আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতবৰ্ষতো ক্ৰমাত্ বাঢ়িবলৈ লৈছে আক্ৰান্ত লোকৰ সংখ্যা। বৃহস্পতিবাৰে দেশত ২০০ৰ ঘৰ অতিক্ৰম কৰে অ’মিক্ৰণৰ সংক্ৰমণে। শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশ চৰকাৰে এতিয়া ৰাজ্যখনত বলৱৎ কৰিছে সান্ধ্য আইন। শনিবাৰৰ পৰা ৰাজ্যখনত কাৰ্যকৰী হ'ব সান্ধ্য আইন।
কি কি নীতি-নিয়ম নিৰ্ধাৰণ কৰা হ'ল উত্তৰ প্ৰদেশতঃ
- উত্তৰ প্ৰদেশত নিশা ১১বজাৰ পৰা পুৱা ৫বজালৈ সান্ধ্য আইন ঘোষণা।
- বিয়া বা আন অনুষ্ঠানত সৰ্বাধিক ২০০জনহে উপস্থিত থাকিব পাৰিব।
- বিদেশৰ পৰা ৰাজ্যত উপস্থিত হোৱা সকলৰ বাধ্যতামূলক RTPCR টেষ্ট।