কামাখ্যাত পূজা দিবলৈ অহা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা (West Bengal CM Mamata Benerjee) বেনাৰ্জীৰ নিৰাপত্তাৰ দায়িত্বত থকা পশ্চিম বংগ আৰক্ষীৰ (West Bengal Police) সহকাৰী উপ-পৰিদৰ্শক পৰ্যায়ৰ এগৰাকী বিষয়াৰ দুটা পিষ্টল আৰু টকাৰ বেগ চুৰি হয় পশ্চিম বংগৰ কোকৰাঝাৰৰ ষ্টেচনত। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে ৰে’লেৰে কলকাতালৈ ঘূৰি যোৱাৰ সময়তে বুধবাৰে পুৱা কোচবিহাৰ ষ্টেচনত চুৰি হয় তেওঁৰ বেগ। মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীগৰাকীৰ পৰা চোৰে লুটি নিয়ে টকা, দুটা পিষ্টল আৰু মোবাইল ফোন। ইয়াৰ পিছতে হাহাকাৰ লাগে পশ্চিম বংগ আৰক্ষীত। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত থকা বিষয়াৰ পৰা সাধাৰণ চোৰে পিষ্টল আৰু মোবাইল কাঢ়ি নিয়া ঘটনাই চৰম লজ্জিত কৰে পশ্চিমবংগ আৰক্ষীক।
আৰক্ষীয়ে এই ঘটনাৰ বাবে এক বিশেষ অভিযানকাৰী দল গঠন কৰি "বেবী" নামৰ এক অভিযান আৰম্ভ কৰে। কোচবিহাৰ ষ্টেচনত থকা চিচিটিভি ফুটেজৰ ভিত্তিত আৰক্ষীয়ে দীপক সাহা নামৰ এগৰাকী ড্ৰাগছ মাফিয়াক চিনাক্ত কৰে। আৰক্ষীয়ে দীপক সাহাক গ্ৰেপ্তাৰ কৰাৰ পিছতে দীপক সাহাই তপন বৰ্মন নামৰ অসমৰ কোকৰাঝাৰ জিলাৰ এগৰাকী অপৰাধীয়ে এই চুৰি কাৰ্য সংঘটিত কৰাৰ কথা স্বীকাৰোক্তি দিয়ে।
ইয়াৰ পিচতে অসম আৰক্ষীৰ সহায় বিচাৰে পশ্চিম বংগ আৰক্ষীয়ে। বৃহস্পতিবাৰে পুৱাই অসম আৰক্ষীৰ সহযোগত পশ্চিম বংগ আৰক্ষীয়ে অসমৰ কোকৰাঝাৰত অভিযান চলাই তপন বৰ্মনক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰে মোবাইল ফোন আৰু নগদ ধন। তপন বৰ্মনৰ স্বীকাৰোক্তিৰ ভিত্তিত কোচবিহাৰত লুকুৱাই থোৱা পিষ্টল দুটাও উদ্ধাৰ কৰে পশ্চিম বংগ আৰক্ষীয়ে।
ইয়াৰ পিছতে সামৰণি পৰে পশ্চিম বংগ আৰক্ষীৰ অপাৰেচন বেবীৰ। জানিব পৰা মতে, তপন বৰ্মনে প্ৰায়ে ৰে’লৰ যাত্ৰীৰ পৰা সামগ্ৰী চুৰি কৰে। পিছে এটা সাধাৰণ চোৰে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ পৰা বেগ আৰু পিষ্টল চুৰি কৰা ঘটনাই সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত লজ্জিত কৰিলে পশ্চিম বংগ আৰক্ষীক।
ইয়াৰ পিছতে সামৰণি পৰে পশ্চিম বংগ আৰক্ষীৰ অপাৰেচন বেবীৰ। জানিব পৰা মতে, তপন বৰ্মনে প্ৰায়ে ৰে’লৰ যাত্ৰীৰ পৰা সামগ্ৰী চুৰি কৰে। পিছে এটা সাধাৰণ চোৰে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ পৰা বেগ আৰু পিষ্টল চুৰি কৰা ঘটনাই সমগ্ৰ ভাৰতৰ প্ৰেক্ষাপটত লজ্জিত কৰিলে পশ্চিম বংগ আৰক্ষীক।
Tags:
National