আজি ৰণবীৰ সিঙৰ (Ranveer Singh) বহু প্ৰতীক্ষিত চিনেমা ‘83’ ছবিঘৰত মুক্তিলাভ কৰিছে। এই ফিল্মত ৰণবীৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কপিল দেৱৰ (Kapil Dev) চৰিত্ৰত অভিনয় কৰিছে (83 movie )। ভাৰতে প্ৰথমবাৰলৈ ১৯৮৩চনত ৱৰ্ল্ড কাপ ক্ৰিকেট (World Cup 1983) কপিল দেৱৰ নেতৃত্বত লৰ্ডছত জিকিছিল। ৱেষ্টইণ্ডিজক পৰাস্ত কৰি ভাৰতে ইতিহাস সৃষ্টি কৰিছিল। কবীৰ খানৰ (Kabir Khan) নিৰ্দেশনাৰে নিৰ্মিত এই ছবিখন ভাৰতৰ সেই ঐতিহাসিক জয়ক লৈ নিৰ্মাণ কৰা। (83 movie release)
ছবিখনত সুনীল গাভাস্কাৰৰৰ (Sunil Gavaskar) ৰোল ৰাজ ভাচিনে, য়শপাল শৰ্মাৰ ৰোল যতীন সৰনাই, মহিন্দৰ অমৰনাথৰ ৰোল সাকিব সলীমে, ৰবি শাস্ত্ৰীৰ ৰোল ধৈৰ্য কৰৱা, কে শ্ৰীকান্তৰ ৰোল জীৱাই, মদন লালৰ চৰিত্ৰ হাৰ্ডি সাংঘু, বলবিন্দৰ সিঙৰ ৰোল এমি ৱৰ্কে, চৈয়দ কিৰমানীৰ ৰোল সাহিল খাট্টাৰে, সন্দীপ পাটিলৰ ৰোল চিৰাগ পাটিলে, দিলীপ ভেংচৰকাৰৰ ৰোল আদিনাথ কোঠাৰে, কীৰ্তি আজাদৰ ৰোল দিনকৰ শৰ্মা, ৰ’জাৰ বিন্নীৰ ৰোল নিশান্ত দহয়াই কৰিছে। ইয়াৰ বাহিৰে দিগ্গজ অভিনেতা পংকজ ত্ৰিপাঠীয়ে (Pankaj Tripathi) টীমৰ মেনেজাৰ পি আৰ মান সিঙৰ চৰিত্ৰ ৰূপায়ন কৰিছে।
’83’ ৰ মুক্তিৰ পূৰ্বে ছবিখনৰ নিৰ্মাতাই ভাৰতীয় খেলুৱৈসকলক ১৫ কোটি টকা দিছে। Bollywood Hungama.com ৰিপ’ৰ্ট মতে কপিল দেৱে নিজৰ কাহিনী ক’বলৈ দিয়াৰ বাবে ৫ কোটি টকা পাইছে। বলিউড হাংগামাৰ সূত্ৰমতে, “ফিল্মখন নিৰ্মাণ কৰাৰ পূৰ্বে বিষয়টোৰ অধিকাৰ আৰু খেলুৱৈসকলৰ ব্যক্তিগত কাহিনী আদায় কৰাটো গুৰুত্বপূৰ্ণ বিশেষকৈ যেতিয়া এয়া বাস্তৱিক জীৱনৰ ঘটনাৰ মানুহৰ আশে–পাশে কেন্দ্ৰিভূত। এই কথাটোৰ প্ৰতি গুৰুত্ব দিয়ে নিৰ্মাতাসকলে ১৯৮৩ৰ ৱৰ্ল্ড কাপ জয় কৰা টীমক প্ৰায় ১৫ কোটি টকা আদায় দিছে। ইয়াৰ সিংহভাগ টকা কপিল দেৱে পাইছে।”
ছবিখনে ইতিমধ্যে প্ৰীমিয়াৰৰ পৰাই যথেষ্ট সমাদৰ লাভ কৰিছে। সকলো আগশাৰীৰ চিনেমাগৃহত ছবিখনে মুক্তি লাভ কৰিছে আজি।
ছবিখনে ইতিমধ্যে প্ৰীমিয়াৰৰ পৰাই যথেষ্ট সমাদৰ লাভ কৰিছে। সকলো আগশাৰীৰ চিনেমাগৃহত ছবিখনে মুক্তি লাভ কৰিছে আজি।