অ'মিক্ৰনত আক্ৰান্তৰ লক্ষণবোৰ কেনেকুৱা? ৯০ শতাংশ ৰোগীৰ ক্ষেত্ৰতে দেখা গৈছে এনে লক্ষণ


 

অতি সোনকালেই অ'মিক্ৰন ভাইৰাছে (Omnicron) আকৌ এবাৰ পৃথিৱীখনক কোৰোনাৰ তৃতীয় ঢৌৰ দিশে ঠেলি দিছে। কোৰোনাৰ এই প্ৰকাৰটো ডেল্টা (Delta Variant)তকৈ অধিক বিপদজনক আৰু দ্ৰুত বুলি ইতিমধ্যে সতৰ্কবাণী প্ৰকাশ কৰিছে WHOকে ধৰি আগশাৰীৰ বিশেষজ্ঞ মহলে। অ'মিক্ৰনত আক্ৰান্তৰ সংখ্যাও দ্ৰুতগতিত বৃদ্ধি পাইছে। স্বাভাৱিকতে এই দিশত কৌতূহল সকলোৰে আছে যে ইয়াৰ লক্ষণবোৰ কেনেকুৱা? এই প্ৰকাৰৰ লক্ষণবোৰো কোৰোনাৰ পূৰ্বৰ প্ৰকাৰবোৰৰ দৰেইনে? নহয়, পূৰ্বৰ লক্ষণৰ উপৰি ইয়াৰ আছে আন কিছু পৃথক বৈশিষ্ট্য। এইক্ষেত্ৰত বিশেষজ্ঞসকলে এতিয়া কিছুমান লক্ষণৰ বিষয়ে প্ৰকাশ কৰিছে, যিয়ে অ'মিক্ৰন ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লে সহজে চিনাক্ত কৰাত সহজ কৰি তুলিব।


যদিও এতিয়াও অ'মিক্ৰনৰ বিষয়ে বেছি তথ্য নাই, বিশেষজ্ঞসকলে ইয়াৰ কিছুমান দিশ চিনাক্ত কৰা বুলি দাবী কৰে। এই লক্ষণবোৰ কেৱল এই নতুন প্ৰকাৰতহে দেখা যায়। বিশেষজ্ঞসকলৰ মতে, অ'মিক্ৰনৰ কিছুমান লক্ষণ পৰম্পৰাগত প্ৰকাৰতকৈ একেবাৰে পৃথক আৰু সাধাৰণ ফ্লুৰ সৈতে একে। লগতে অ'মিক্ৰনত আক্ৰান্ত ৯০ শতাংশ লোকৰ এই লক্ষণবোৰ থাকে (symptoms of Omicron COVID-19 variant)।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৱেষণা দলে লক্ষণবোৰ তালিকাভুক্ত কৰিছে
আমেৰিকান চেণ্টাৰ ফৰ ডিজিজ কনট্ৰ'ল এণ্ড প্ৰিভেনচনৰ মতে, অ'মিক্ৰনত আক্ৰান্তসকলৰ শুকান কাহ আৰু ডিঙিৰ খেচখেচনি সচৰাচৰ হয়। এতিয়ালৈকে পোৱা সকলো অ'মিক্ৰন ৰোগীৰ ক্ষেত্ৰত এই লক্ষণবোৰ ৯০ শতাংশ পোৱা গৈছে। ইয়াৰ উপৰি বহুতো লক্ষণ আছে, যাৰ দ্বাৰা অ'মিক্ৰন চিনাক্ত কৰিব পাৰে।

বহুতো ৰোগীৰ ওপৰত গৱেষণা কৰি আহৰণ কৰা সচৰাচৰ লক্ষণবোৰ
এতিয়ালৈকে পোৱা অ'মিক্ৰন ৰোগীসকলৰ মূৰ ঘূৰোৱা, নাকেৰে অবিৰাম পানী বোৱা (পানীলগা), দুৰ্বলতাৰ ভাব আদি লক্ষণ দেখা গৈছে। অ'মিক্ৰনৰ লক্ষণবোৰ যথেষ্ট মৃদু কিন্তু ই দ্ৰুতগতিত বিয়পে। ই ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰতো আটাইতকৈ ডাঙৰ প্ৰভাৱ পেলায়। অ'মিক্ৰনক প্ৰথমে ব্যাখ্যা কৰা ডাঃ কইটজিৰ মতে, এই প্ৰকাৰটো প্ৰথমে দক্ষিণ আফ্ৰিকাৰ পৰা প্ৰকাশ কৰা হৈছিল। ভেকচিন নোলোৱা লোকসকলৰ ক্ষেত্ৰত এই প্ৰকাৰটোৱে তীব্ৰ মূৰৰ বিষ আৰু পেশীৰ বিষত ভোগায়। যদি আপোনাৰ কাহৰ লগতে বেয়া বিষ আছে, লগে লগে কোভিড পৰীক্ষা কৰাব।

Post a Comment

Previous Post Next Post