প্রতি মিনিটত ১১৫টা বিৰিয়ানিৰ অর্ডাৰ !


 

বাহিৰত মহামাৰী। কিন্তু সমগ্ৰ ভাৰতে ঘৰত বহি বহি কি খালে ? এই সম্পৰ্কে ছুইগী (Swiggy)য়ে এক সমীক্ষাত্মক প্ৰতিবেদন প্ৰস্তুত কৰিছে। অনলাইন খাদ্য যোগান কোম্পানী (online food)টোৱে ২০২১ চনৰ  জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ ভাৰতবাসীৰ খাদ্য অৰ্ডাৰৰ প্ৰৱণতা কেনেকুৱা আছিল সেই সম্পৰ্কে এক প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছে। কোম্পানীটোলৈ অহা লাখ লাখ অৰ্ডাৰৰ ওপৰত ভিত্তি কৰিহে এই পৰিসংখ্যাবোৰ বিচাৰি উলিওৱা হৈছে।


সেই পৰিসংখ্যা অনুসৰি বিদায়ী বৰ্ষটোত সমগ্ৰ ভাৰতবৰ্ষত প্ৰতি মিনিটত ছুইগীয়ে গড়ে ১১৫টা বিৰিয়ানি (Biryani)ৰ অৰ্ডাৰ পাইছিল । ডিচেম্বৰ মাহ তথা বছৰটো সম্পূৰ্ণ হ'বলৈ মাত্ৰ কেইদিনমানহে আছে। এতিয়ালৈকে সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা মুঠ ৫.৫ কোটি কেৱল বিৰিয়ানিৰেই অৰ্ডাৰ পাইছিল ছুইগীয়ে । যিটো আগৰ বছৰতকৈ ২০ লাখ অধিক। গোটেই বছৰটোত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ছুইগীলৈ মুঠ ৫ নিযুত অৰ্ডাৰ আহিছিল। ইয়াৰ পিছতে আছে পাওভাজী। বছৰটোত পাওভাজী অৰ্ডাৰ আহিছিল ২১ লাখ। অৱশ্যে নিশা ১০ বজাৰ পিছত, ভাৰতীয়সকলৰ খাদ্যৰ পছন্দ সলনি হোৱা দেখা গৈছিল। সেই সময়ত বেছিকৈ চীজ গাৰ্লিক ব্ৰেড , পপকৰ্ণ আৰু ফ্ৰেঞ্চ ফ্ৰাই অৰ্ডাৰ দিয়া হৈছে। মিঠাই অৰ্ডাৰৰ ক্ষেত্ৰত শীৰ্ষত আছে, ২১ লাখ  অৰ্ডাৰেৰে গুলাবজামুন। দ্বিতীয় স্থানত আছে ১.২৭ নিযুত অৰ্ডাৰ লাভ কৰা ৰসমালাই।

নতুনকৈ ৪.২৫ লাখ লোকে এইবাৰ ছুইগীত চিকেন বিৰিয়ানি অৰ্ডাৰ কৰিছিল ৷ এই খাদ্যবিধ অৰ্ডাৰৰ ক্ষেত্ৰত চেন্নাই, কলকাতা, লক্ষ্ণৌ আৰু হায়দৰাবাদ তালিকাৰ শীৰ্ষ স্থানত আছে ৷ কিন্তু মুম্বাইবাসীয়ে এইবাৰো অধিক পৰিমাণে দাইল খিচিৰিয়ে অৰ্ডাৰ দিছে ৷ এই পৰিমাণ চিকেন বিৰিয়ানিতকৈ দুগুণ বেছি ৷

লোভনীয় খাদ্যৰ লগতে স্বাস্থ্যকৰ খাদ্যৰ অৰ্ডাৰো যথেষ্ট পৰিমাণে আহিছিল ৷ স্বাস্থ্যসন্মত খাদ্যৰ সন্ধানত 'ছুইগী হেল্থহাব'ৰ অৰ্ডাৰ ২০০ শতাংশলৈ বৃদ্ধি পাইছে ৷ ছুইগীৰ ফালৰ পৰা জনাইছে যে দেশৰ আটাইতকৈ স্বাস্থ্যকৰ খাদ্যৰ অৰ্ডাৰ বেংগালুৰুৰ পৰা আহিছে ৷ ইয়াৰ পিছতে আছে হায়দৰাবাদ আৰু মুম্বাই ৷ সোমবাৰ আৰু বৃহস্পতিবাৰে সপ্তাহটোৰ ভিতৰতে আটাইতকৈ বেছি স্বাস্থ্যকৰ খাদ্যৰ অৰ্ডাৰ পোৱা গৈছিল।

দাম যিমানেই নাবাঢ়ক কিয়, শাক-পাচলিৰ মাজত, অৰ্ডাৰৰ ক্ষেত্ৰত  বিলাহী আটাইতকৈ বেছি বিচৰা হৈছিল ৷ গোটেই বছৰটোত 'ইনষ্টামাৰ্ট'ত যিমান বিলাহী অৰ্ডাৰ কৰা হৈছে সেই সকলোবোৰ বিলাহী একেলগ কৰিলে, তাৰে ১১ বছৰ স্পেইনত টোমাটিনা উৎসৱ পালন কৰিব পৰা যাব ৷ ইয়াৰ পিছতে বেছিকৈ অৰ্ডাৰ দিয়া হৈছিল কল, পিঁয়াজ, আলু আৰু জলকীয়া ৷

ইনষ্টেণ্ট নুডলছৰ ১৪ লাখ পেকেট, ৩১ লাখ চকলেট পেকেট, ২৩ লাখ টিউবফুল আইচক্ৰীম আৰু ৬১ লাখ চিপছৰ পেকেট অনলাইনত অৰ্ডাৰ কৰা হৈছিল।  খোৱাৰ উপৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰত দেশত ৭০ হাজাৰ পেকেট বেণ্ডএইড, ৫৫ হাজাৰ পেকেট ডায়পাৰ আৰু ৩ লাখ পেকেট চেনিটাৰী নেপকিন অৰ্ডাৰ কৰা হৈছে। ছুইগীৰ এক্সপ্ৰেছ গ্ৰোচাৰী ডেলিভাৰী ছাৰ্ভিচৰ অনলাইনত ১ লাখ মাস্ক আৰু ৪ লাখতকৈ অধিক হেণ্ডৱাছ অৰ্ডাৰ কৰা হৈছে। ছুইগীৰ এক্সপ্ৰেছ গ্ৰোচাৰী ডেলিভাৰী সেৱা ‘ইনষ্টামার্ট’ বছৰটোৰ আৰম্ভণিতে কেৱল দুখন চহৰতহে আছিল। বৰ্তমান ই মুঠ ১৮ খন চহৰলৈ সম্প্ৰসাৰিত হৈছে।

Post a Comment

Previous Post Next Post