দেশত Omicron-এ লৈছে ক্ৰমাত্‍ ভয়ংকৰ ৰূপ! বজাৰত No Mask, No Entry


 

কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট Omicronকলৈ চিন্তিত সমগ্ৰ দেশ। ভাৰতত এই পৰ্যন্ত ২১৩ জন লোকৰ দেহত ধৰা পৰিছে Omicronৰ অৱস্থিতি। দেশৰ ৰাজধানী দিল্লীত সৰ্বাধিক ৫৭ জন লোক আক্ৰান্ত হৈছে। দেশত প্ৰতিদিনে Omicronত আক্ৰান্তৰ সংখ্যা বাঢ়ি অহাৰ ফলত চিন্তাত পৰিছে কেন্দ্ৰীয় চৰকাৰ। কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে মঙলবাৰে এইলৈ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে। পত্ৰত স্পষ্ট ৰূপত লিখা হৈছে যে, প্ৰয়োজন হ'লে, সান্ধ্য আইন বলবৎ কৰিব লাগে।


কোৰোণাৰ সংক্ৰমণ বাঢ়ি অহাৰ লগে লগে দিল্লী চৰকাৰে এতিয়া কেতবোৰ নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে। দিল্লীৰ চীফ চেক্ৰেটৰী সত্য গোপালে কেন্দ্ৰীয় চৰকাৰ আৰু DDMAৰ ফালৰ পৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি, জিলা প্ৰশানলৈ নিয়মসমূহ পালন কৰিবলৈ আহ্বান জনাইছে।

বজাৰ হ'ব পাৰে অ'মিক্ৰমণৰ ছুপাৰ স্পীডাৰঃ

কেন্দ্ৰৰ পত্ৰৰ পিছত, দিল্লী চৰকাৰে নিৰ্দেশ দিছে যে, অ'মিক্ৰণ সংক্ৰমণ ৰোধ কৰিবলৈ সকলো সাৱধানতামূলক ব্যৱস্থা কঠোৰভাৱে অনুসৰণ কৰিব লাগে। নিৰ্দেশনা পত্ৰৰ জৰিয়তে বজাৰ সংস্থা আৰু আৰডব্লিউএসকলক জিলা প্ৰশাসনে চৰকাৰক সহযোগ কৰিবলৈ আহ্বান জনাইছে। বজাৰ হ'ব পাৰে অ'মিক্ৰমণৰ ছুপাৰ স্পীডাৰ। গতিকে বজাৰলৈ গ'লে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে।

সংক্ৰমণৰ ক্ষেত্ৰত মুম্বাইক পিছ পেলালে দিল্লীয়েঃ
এতিয়া দেশত কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট Omicron-ত আক্ৰান্ত লোকৰ সংখ্যা ২১৩লৈ বৃদ্ধি পালে। ইয়াৰ ভিতৰত ৫৩ জনেই দিল্লীৰ। সেইদৰে মহাৰাষ্ট্ৰত ৫৪গৰাকী লোক Omicronত আক্ৰান্ত হৈছে।

Post a Comment

Previous Post Next Post