২২ দিন হাস্পতালত পৰি থাকিল পত্নী–সন্তান


 

কন্যা সন্তান জন্ম হোৱা বাবে পত্নী–সন্তানক বেচৰকাৰী হাস্পতালত এৰি পলাল স্বামী। ২২ দিনৰ পিছত আৰক্ষীৰ তৎপৰতাত হাস্পতাল কৰ্তৃপক্ষৰ উদ্যোগত মাতৃ–কন্যাক পৰিয়ালৰ ওচৰলৈ প্ৰেৰণ কৰাৰ উদ্যোগ লোৱা হৈছে। ঘটনাটো পশ্চিম বংগৰ মালদহৰ।


জানিব পৰা মতে, বোৱাৰীগৰাকীৰ নাম পূজা মাৰ্ডি। স্বামীৰ নাম সুৰজ বেছৰা। পেছাত এজন শ্ৰমিক। ঘৰ বালুৰঘাটৰ মঙ্গলপুৰ গাঁৱত। এবছৰ পূৰ্বে প্ৰেমৰ সম্পৰ্কৰ পিছত বিবাহপাশক আবদ্ধ হৈছিল দুয়ো। ১২ নৱেম্বৰত প্ৰসৱ যন্ত্ৰণাৰ বাবে মালদহৰ এখন বেচৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হয় পূজাক। পিছত হাস্পতালত এটি কন্যা সন্তানৰ জন্ম দিয়ে মহিলাগৰাকীয়ে। কন্যা সন্তান জন্ম হোৱাৰ খবৰ পোৱাৰ পিছতে হাস্পতালৰ পৰা উধাও হয় মহিলাগৰাকীৰ স্বামী। বিগত ২২ দিন ধৰি পৰিয়ালৰ কোনো সদস্যই খবৰ নল’লে মহিলাগৰাকীৰ। আনকি স্বামীয়ে ম’বাইলো অফ কৰি ৰাখিছে।

মহিলাগৰাকীয়ে জনাইছে যে স্বামী আৰু শহুৰেকৰ পৰিয়ালে ল’ৰা সন্তান বিচাৰিছিল। কিন্তু কন্যা সন্তান হোৱা বাবে তেওঁক আৰু ঘৰত ৰখা নহ’ব বুলি জনাইছে। মহিলাগৰাকীৰ দাবী, সেইবাবেই হাস্পতালত এৰি গৈছে আত্মীয়ই। আনহাতে, হাস্পতালত কৰ্তৃপক্ষই ২২ দিন ধৰি মহিলাগৰাকীৰ চিকিৎসা কৰে। হাস্পতাল কৰ্তৃপক্ষই জনাইছে যে বৰ্তমান মহিলাগৰাকী আৰু সন্তান সম্পূৰ্ণ সুস্থ।

পৰিয়ালে কোনো ধৰণৰ যোগাযোগ নকৰাত হাস্পতাল কৰ্তৃপক্ষই আৰক্ষী–প্ৰশাসনৰ সহায় বিচাৰে। আৰক্ষীয়ে জনাইছে, দক্ষিণ দিনাজপুৰ জিলা আৰক্ষীৰ সৈতে যোগাযোগ কৰি পৰিয়ালৰ সন্ধান পোৱা গৈছে। পৰিয়ালে যাতে মহিলাগৰাকী আৰু সন্তানটিক ঘূৰাই নিয়ে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Post a Comment

Previous Post Next Post