কোৰোণা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন (Omicron) পালেহি দিল্লী। দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰ জৈনৰ মতে, কোৰোণাৰ নতুন ভেৰিয়েণ্টৰ প্ৰথমটো ঘটনা এলএনজেপি হাস্পতালত ধৰা পৰিছে। এই লোকজনে তাঞ্জানিয়াৰ পৰা উভতিছিল। ইয়াৰ লগতে তেওঁ কয় যে এতিয়ালৈ কোৰোণা পজিটিভ ওলোৱা ১৭জন ৰোগী এলএনজেপি হাস্পতালত ভৰ্তি হৈ আছে, যাৰ ভিতৰত উক্ত লোকজনৰ সম্পৰ্কলৈ অহা ৬জন লোক আছে।
দিল্লীৰ স্বাস্থ্য মন্ত্ৰীয়ে কয় যে এথিয়ালৈ ১২জন লোকৰ জিন’ম ছিকুৱেন্সিং হৈছে যাৰ ভিতৰত এজন অমিক্ৰনত আক্ৰান্ত হোৱা বুলি ধাৰণা কৰা হৈছ। অৱশ্যে ফাইনেল ৰিপ’ৰ্ট সোমবাৰে আহিব। লগতে তেওঁ কয় যে ‘আমি ক’ব পাৰো যে এয়া দিল্লীত প্ৰথমটো অমিক্ৰনৰ ঘটনা।’