নাগালেণ্ড (Nagaland)ত এক দুৰ্ভাগ্যজনক ঘটনাত শনিবাৰে আছাম ৰাইফলছ (Assam Rifles)ৰ গুলীত নিহত সাধাৰণ লোকৰ সংখ্যা ১৩ জন (13 Killed)বুলি আশংকা কৰা হৈছে। AFPৰ উদ্ধৃতি দি ANIয়ে এই বাতৰি প্ৰকাশ কৰিছে।
নাগালেণ্ডৰ মন জিলা (Mon District of Nagaland)ৰ তিৰু আৰু ওটিং বস্তিৰ মাজত সংঘটিত আছাম ৰাইফলছৰ গুলীচালনাত ১৩জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে।
আছাম ৰাইফলছৰ শীৰ্ষ সূত্ৰই জনোৱা মতে উগ্ৰপন্থীৰ গতিবিধি (Insurgent Movement)ৰ সম্পৰ্কত লাভ কৰা এক তথ্যৰ আধাৰত আছাম ৰাইফলছৰ দলে অভিযানৰ পৰিকল্পনা কৰিছিল। এই দুৰ্ভাগ্যজনক ঘটনাৰ নীৰিহ লোক কিদৰে নিহত হ'ল তাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীক শাস্তি বিহা হ'ব বুলি উল্লেখ কৰিছে আছাম ৰাইফলছে।এই ঘটনাৰ সময়ত কেইবাগৰাকীও আছাম ৰাইফলছৰ জৱান আহত হোৱাৰ লগতে এজনৰ মৃত্যু হোৱা বুলিও জনায় আছাম ৰাইফলছে।
আনহাতে ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা দি SIT যোগে ইয়াৰ তদন্ত কৰা হ'ব আৰু ভূক্তভোগীক ন্যায় প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিও ৰিঅ' (Nagaland CM Neiphiu Rio)ই। সকলোকে শান্তি বজাই ৰাখিবলৈও আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰী মন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah)ও ঘটনাত দুখ প্ৰকাশ কৰি নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।
অসম ৰাইফলছে অতৰ্কিত আক্ৰমণত লোককেইজন নিহত হোৱাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। উত্তেজিত নগা জনসাধাৰণে অগ্নি সংযোগ কৰে নিৰাপত্তাৰক্ষীৰ বাহনত। পিছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পুনৰ গুলীচালনা কৰে নিৰাপত্তাৰক্ষীয়ে।
পিছে কিয় এই ঘটনা সংঘটিত হল সেই প্ৰকৃত তথ্য এই পৰ্যন্ত পোহৰলৈ অহা নাই। তদন্ত প্ৰক্ৰিয়া জোৰদাৰ গতিত চলি আছে